টিকটৰ লগত দুৰ্নীতিৰ লাইচেন্স দিয়া কংগ্ৰেছক ভোট নিদিব: মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ হাটবৰ, আমচৈ, কমাৰগাঁৱৰ ৰাইজৰ আজিৰ পৰা ৪ বছৰৰ আগলৈকে সকলোতকৈ ডাঙৰ সমস্যাটো আছিল কপিলী দলঙৰ আছিল বুলি উল্লেখ কৰে। ৰহা সমষ্টিত তেওঁ প্ৰায় ১২ খন দলং নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা বুলি কয়।

author-image
Asomiya Pratidin
New Update
নপনৰপ

ডিজিটেল সংবাদ,ৰহাঃ  "কংগ্ৰেছ দলে টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে। কংগ্ৰেছ দলক আপোনালোকে ভোট নিদিব। কংগ্ৰেছ দলক ভোট দি লাভ নাই। আমি ৰাষ্ট্ৰবাদী মানুহ সকলোৰে ভোট বিচাৰিম। আপোনালোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়ক"- এই আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ।

Advertisment

আজি ৰহাত চাপৰমুখ জিলা পৰিষদ সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি এইদৰে ৰাইজক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। সভাত তেওঁ কংগ্ৰেছ দলৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ কৰে।

তেওঁ কয় যে, হিন্দুৱে হওঁক, মুছলমানেই হওক, যিয়ে ৰাষ্ট্ৰক ভাল পায়, যিয়ে ভাৰত মাতাক ভাল পায়, অসমক ভাল পায় সকলোকে বিজেপি-অগপ মিত্ৰজোঁটক ভোট দিয়ক। পাকিস্তানৰ সমৰ্থকসকলৰ ভোট আমাক নালাগে। পাকিস্তানৰ সমৰ্থককেইটাই কংগ্ৰেছক ভোট দিয়ক, অখিল গগৈক ভোট দিয়ক বুলি কটাক্ষ কৰে।

কৱৰকৱলকৰ

সভাৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে ৰহাবাসীক উদ্দেশ্যি কয় যে ২০১১ চনত ৰহাবাসীয়ে যদি মোক বিধায়ক নিৰ্বাচিত নকৰিলেহেঁতেন, আজি মই ক’ত থাকিলোহেঁতেন হয়তো নিজেও নাজানিলোহেঁতেন। মই য’তেই নাথোকো কিয় মোৰ প্ৰতিষ্ঠাতা আপোনালোক। যদিও আজি জাগীৰোডৰ মই বিধায়ক, ৰহা সমষ্টিৰ লগত মোৰ সম্পৰ্ক নাইকিয়া হৈ যোৱা নাই। আপোনালোকৰ বদন্যতাত, আপোনালোকৰ আশীৰ্বাদত, ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত মই মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈকে সক্ষম হৈছো। আপোনালোকৰ আশীৰ্বাদত তিনিবাৰ বিধায়ক, দুবাৰ মন্ত্ৰী হ’লো। এই গোটেইবোৰৰ কৃতিত্ব আপোনালোকৰ।

মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ হাটবৰ, আমচৈ, কমাৰগাঁৱৰ ৰাইজৰ আজিৰ পৰা ৪ বছৰৰ আগলৈকে সকলোতকৈ ডাঙৰ সমস্যাটো আছিল কপিলী দলঙৰ আছিল বুলি উল্লেখ কৰে। ৰহা সমষ্টিত তেওঁ প্ৰায় ১২ খন দলং নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা বুলি কয়।

 ৱন ৱল ৱ

তেওঁ কয়, এটা সময়ত ৰহা সমষ্টিৰ ৰাস্তা-ঘাটৰ অৱস্থা অত্যন্ত বেয়া আছিল। ৰহাৰ পৰা বৈছালাছ’লৈ যাওঁতে ৪ ঘণ্টা লাগিছিল। আজি সেই পৰিৱেশ নাই, সুন্দৰ ৰাস্তা নিৰ্মাণ কৰা হ’ল। সেই ৰাস্তাটোৰো আধাৰশিলাৰ ফলকত এতিয়াও মোৰ নাম আছে। আনহাতে, ধৰমতুলৰ পৰা কামপুৰলৈকে মথাউৰিটোৰ অৱস্থা খুব বেয়া আছিল, সেইখিনি সময়তে প্ৰায় ১০৯ কোটি টকা দিল্লীলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীক কাকুতি-মিনতি কৰি এই টকা আনি মথাউৰিটো নিৰ্মাণ কৰিছিলো।

আজিও মথাউৰিটো শক্তিশালী হৈ আছে বুলি তেওঁ উল্লেখ কৰে। সেইখিনি সময়ৰ সুবিধা-অসুবিধাৰ কথা বৰ্ণনা কৰি মন্ত্ৰীগৰাকীয়ে সেই সময়ত সুবিধাটো অলপ কম আছিল বুলি কয়। তেওঁ লগতে কয় যে, এতিয়া যেনেদৰে শশীদাসে বছৰত ৰাস্তা বনাবলৈ ৬০ কোটি টকা পায়, তেতিয়া পোৱা নাছিলো। কিন্তু যুঁজ-বাগৰ কৰি তেতিয়াও মই ৰাস্তা বনাইছিলো। এয়া একমাত্ৰ ৰহাবাসী ৰাইজৰ কাৰণে তেওঁ কৰা বুলি উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয়, আজি চাৰিওফালে কংগ্ৰেছৰ নিজৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে। টিভি, পেপাৰত আপোনালোকে এইবোৰ দেখি আহিছে। আনকি তেওঁলোকৰ সাংসদজনক বিজেপিয়ে আক্ৰমণ কৰা বুলি তেওঁলোকে মিছা প্ৰচাৰ চলাইছিল। পিছত ওলাই পৰিল যে টকা দিও টিকট নোপোৱা তেওঁলোকৰ জিলা পৰিষদৰ এজন প্ৰাৰ্থীয়ে সাংসদজনক আক্ৰমণ কৰিছিল।

বিজেপিত এনেকুৱা ঘটনা ক’ৰবাত সংঘটিত হৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে। বিজেপিত এনেকুৱা ঘটনা ঘটা নাই। কাৰণ কংগ্ৰেছে টকা লৈ দুৰ্নীতি কৰাৰ লাইচেন্স দিয়ে। ২০-৩০ লাখ টকা দি টিকট লোৱা মানুহজন জিকিলে, সেই টকা তেওঁ দুৰ্নীতি কৰিয়ে ঘটিব লাগিব। দুৰ্নীতি কৰিয়ে তেওঁ ন্যূনতম ১ কোটি টকা ঘটিব লাগিব আৰু তেওঁ ৰাইজৰ টকা খাব লাগিব। গতিকে কংগ্ৰেছ টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে। গতিকে এনেকুৱা দলক ভোট দি লাভ নাই তেওঁ মন্তব্য কৰে।

 তেওঁ কয় যে, আমি ৰাষ্ট্ৰবাদী মানুহ সকলোৰে ভোট বিচাৰিম। হিন্দুৱে হওক, মুছলমানেই হওক যিয়ে ৰাষ্ট্ৰক ভাল পায়, যিয়ে ভাৰত মাতাক ভাল পায়, অসমক ভাল পায় সকলোকে বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ তেওঁ আহ্বান জনায়। পাকিস্তানৰ সমৰ্থকসকলৰ ভোট আমাক নালাগে। পাকিস্তানৰ সমৰ্থককেইটাই কংগ্ৰেছক ভোট দিয়ক, অখিল গগৈক ভোট দিয়ক।

ৱকতলতকল

মন্ত্ৰীগৰাকীয়ে ভাষণত ৰহাৰ ৩০ হাজাৰ মহিলাই অহা দুই মাহত অৰুণোদয় পাব বুলি উল্লেখ কৰাৰ লগতে অহা ছেপ্টেম্বৰ মাহত আৰু ৫ হাজাৰ মহিলাক বিধায়ক শশীকান্ত দাসে অৰুণোদয় দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। অৰুণোদয়ৰ টকাখিনি সোণৰ কোণী পৰা হাঁহ হ’ব বুলি মন্তব্য কৰে। এই টকাৰে ব্যৱসায় কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰিব। তেওঁ অৰুণোদয়ৰ টকাখিনি ব্যৱসায়ৰ বাহিৰে আন কামত ব্যৱহাৰ নকৰিবলৈ মহিলাসকলক আহ্বান জনায়।

অৰুণোদয়ৰ উপৰি মন্ত্ৰীগৰাকীয়ে নিযুত মইনা, ৰেচন কাৰ্ড, কৃষকৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি ৰহা বিধানসভা সমষ্টিত আজি বিজেপি মিত্ৰজোঁটৰ চাপৰমুখ জিলা পৰিষদৰ প্ৰাৰ্থী জোনালীম দাস ডেকাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ চুকে-কোণে ব্যাপক বিকাশ, উন্নয়ন সাধন হৈছে বুলি উল্লেখ কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ৰহা বিধানসভা সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁটৰ ফুলগুৰি বাৰপূজীয়া জিলা পৰিষদৰ প্ৰাৰ্থী ৰূপজ্যোতি বৰদলৈ দাসৰ হৈ এখন বিশাল পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে সভাত আৰু মাত্ৰ ৬ দিন পাছত সমষ্টিটোত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি পঞ্চায়তৰ নিৰ্বাচনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন বুলি মন্তব্য কৰে।

তেওঁ কয়, আমাৰ যি তিনিখলপীয়া চৰকাৰী ব্যৱস্থা তথা শাসন ব্যৱস্থা তাত থাকে পঞ্চায়ত বা টাইন কমিটী, তাৰ পাছত থাকে বিধানসভা আৰু তাৰ পাছত থাকে লোকসভা। এই তিনিটা ব্যৱস্থাৰে আমি শাসন চলাও বা ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰো। উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তৰ যথেষ্ট ভূমিকা আছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰি ভালদৰে চিন্তা-চৰ্চা কৰি সেয়ে পঞ্চায়তৰ ভোট দিব লাগে বুলি উল্লেখ কৰে।

তেওঁ কয় যে ভালদৰে চিন্তা-চৰ্চা কৰি আমি ভোট দিব লাগে, যাতে ভাল দল, ভাল মানুহ নিৰ্বাচিত হয় আৰু পৰৱৰ্তী পাঁচ বছৰ তেওঁলোকে আমাক ভালদৰে শাসন কৰে। বিগত ১০ বছৰত অসমত যথেষ্ট পৰিৱৰ্তন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি বিজেপি চৰকাৰৰ উন্নয়নী যাত্ৰাক অধিক উৎসাহিত কৰিবলৈ সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।

এই সভাতে, ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ তথা সুশাসনত আকৃষ্ট হৈ বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁলোকক বিজেপি দললৈ আদৰণি জনাই আৰু সকলোকে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। এই প্ৰচাৰ সভাত বিধায়ক শশীকান্ত দাস, নগাঁও জিলা বিজেপিৰ সভাপতি ৰঞ্জিত বৰদলৈ, প্ৰাক্তন সভাপতি অভিজিৎ নাথ, অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি সঞ্জীৱ কুমাৰ দেউৰীৰ লগতে বিজেপি দলৰ বহুসংখ্যক বিষয়া-কাৰ্যকৰ্তা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদস্য আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পীযুষ হাজৰীকা