পশ্চিমবংগত ড০ ভীমৰাও আম্বেদকাৰ সন্মান সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ

অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পশ্চিমবংগত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিমবংগৰ ঘাটাল সাংগঠনিক জিলাৰ উদ্যোগত বালিচকৰ ডেবৰাত আয়োজিত ড০ ভীমৰাও আম্বেদকাৰ সন্মান সভাত অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
UII

ডিজিটেল সংবাদ,পশ্চিমবংগঃ  ৱাকফ বিলক লৈ পশ্চিমবংগত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। আজি পশ্চিমবংগৰ বালিচকৰ ডেবৰাত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে।

Advertisment

তেওঁ কয় যে, ইয়াত হিন্দুৰ ওপৰত বহুত অত্যাচাৰ কৰা হৈছে, সনাতনীৰ ওপৰত বহুত অত্যাচাৰ কৰা হৈছে। ৱাকফ বিলক লৈ সমগ্ৰ দেশৰ কিছু কিছু ঠাইত আন্দোলন হৈছে যদিও হিন্দুক অত্যাচাৰ কৰা হোৱা নাছিল। ইয়াত হিন্দুৰ ওপৰত অত্যাচাৰ কৰা হৈছে, হিন্দুক আক্ৰমণ কৰা হৈছে। ইয়াৰ পৰা হিন্দুৱে পলায়ন কৰিবলৈ বাধ্য হৈছে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে মমতা বেনাৰ্জীক তুষ্টিকৰণৰ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায়।

কিয়নো মমতা দিদিৰ তুষ্টিকৰণ ৰাজনীতিয়ে হিন্দুসকলক নিজৰ ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য কৰোৱা বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মই মমতা দিদিক অনুৰোধ জনাওঁ যে হিন্দুক আপুনি ৰক্ষা কৰক, হিন্দুক ইয়াৰ পৰা নেখেদিব। আপুনি যদি প্ৰকৃততে হিন্দু, তেন্তে আপুনি হিন্দুক ইয়াৰ পৰা নেখেদিব, হিন্দুক ৰক্ষা কৰক, হিন্দুক সুৰক্ষা দিয়ক আৰু তুষ্টিকৰণ ৰাজনীতি কৰা বন্ধ কৰক।

উল্লেখ্য যে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পশ্চিমবংগত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিমবংগৰ ঘাটাল সাংগঠনিক জিলাৰ উদ্যোগত বালিচকৰ ডেবৰাত আয়োজিত ড০ ভীমৰাও আম্বেদকাৰ সন্মান সভাত অংশগ্ৰহণ কৰে। এই সভাত অংশগ্ৰহণৰ অন্তত পশ্চিমবংগৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

পীযুষ হাজৰিকা