ডিজিটেল সংবাদ,ওদালগুৰিঃ আজি ওদালগুৰি জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত 'বিকাশৰ ১২ দিন' শীৰ্ষক কাৰ্যসূচীত বিভিন্ন আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে সাহায্য, উদগনিমূলক বঁটা আদি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
কাৰ্যসূচী অনুসৰি ওদালগুৰি জিলাৰ ৯৪৩ গৰাকী শিক্ষার্থীলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটা, ৪০৪ গৰাকী শিক্ষার্থীলৈ আনন্দৰাম বৰুৱা বঁটা, ৬৫৫৫ গৰাকী শিক্ষার্থীলৈ বিনামূলীয়া চাইকেল প্ৰদানৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ওডালগুৰিৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে।
উপস্থিত শিক্ষাৰ্থীসকলক উদ্দেশ্যি উদগনিমূলক ভাষণ প্ৰদান কৰি ভৱিষ্যতে সুনাগৰিক হিচাপে আগুৱাই যাবলৈ আহ্বান জনাই মন্ত্ৰী হাজৰিকাই। লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখনে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বহু কাম কৰা বুলিও তেখেতে প্ৰকাশ কৰে।
আজিৰ এই কাৰ্যসূচীত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক চৰণ বড়ো, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লগতে বহু কেইগৰাকী কাৰ্যবাহী সদস্য, এমচিএলএ, জিলা আয়ুক্ত, সমাজকসেৱক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
আজি অনুষ্ঠানত উপস্থিত থাকি টংলাৰ লোমহৰ্ষক ডাবল মাৰ্দাৰ সন্দৰ্ভতো দুখ প্ৰকাশ কৰে পীযুষ হাজৰিকাই। তেওঁ কয় যে, মই জিলা আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে ঘটনা সন্দৰ্ভত কথা পাতিয়েই আছো। অতি কম বয়সৰ ছাত্ৰ এজনে এনে ঘটনা সংঘটিত কৰিছে। এনে ঘটনা যাতে পুনৰবাৰ সংঘটিত নহয় সেয়া কামনা কৰিছো।