/asomiyapratidin/media/media_files/2025/01/09/j961YEAkA7O0LMejIlBs.png)
ডিজিটেল সংবাদ,দিশপুৰঃ ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টি ভ্ৰমণ কৰি কৈৰীগাঁৱত ধনশিৰি নৈৰ এটা নতুন মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে সমষ্টিটোৰ ৰজাপুখুৰী শ্যামগাঁৱত দুটাকৈ বুদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।
মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ সৈতে কৈৰীগাঁৱত উপস্থিত হৈ কৈৰীগাঁৱৰ পৰা পানজানলৈ ৩.৩১ কোটি টকাৰ পুঁজিৰে ৪.৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ কৰে।
এই উপলক্ষে আয়োজিত এখন সভাত অংশ লৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে, চাৰে তিনিটা বছৰৰ আগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক জলসম্পদ বিভাগৰ দায়িত্ব প্ৰদান কৰাৰ পাছৰে পৰা অসমৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰি আহিছে ।
বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিগত সময়চোৱাত জলসম্পদ বিভাগে যথেষ্ট সফলতা লাভ কৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ধেমাজি, মাজুলী, লখিমপুৰ, মৰিগাঁও আদি আগতে সততে বানত আক্ৰান্ত হোৱা জিলাসমূহত প্ৰাথমিকতা প্ৰদান কৰি জলসম্পদ বিভাগে বহু পৰিমাণে বান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।
আগতে বাৰিষাৰ সময়ত বছৰত ৰাজ্যখনত অতি কমেও ৪০ ৰ পৰা ৫০ টা মথাউৰি চিঙিছিল বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে, এবাৰ চিঙা মথাউৰি মেৰামতি কৰি পুনৰ বনাবলৈ তেতিয়াৰ চৰকাৰক কমেও ১ ৰ পৰা ডেৰ বছৰ সময় লাগিছিল। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে আন্তৰিকতাৰে কাম কৰাৰ বাবে বছৰত মাথো ৫ ৰ পৰা ৭ টা মথাউৰিহে চিঙে।
মথাউৰি চিঙাৰ ১৫ ৰ পৰা ২৫ দিনৰ ভিতৰতে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে জিঅ’ টিউবৰ সহায়েৰে মথাউৰি মেৰামতি সম্পূৰ্ণ কৰা হয় । বিগত বাৰিষাত মাজুলীৰ যুগুণীধাৰীত ব্ৰহ্মপুত্ৰৰ চিঙা মথাউৰি মাথো ২৫ দিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰা বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
ৰাজ্যত বৰ্তমানে ৪৫০০ কিল’মিটাৰ মথাউৰি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে, আৰু ৪০০ কিল'মিটাৰমান মথাউৰি বনালে ৰাজ্যত বনাব পৰা মথাউৰি সম্পূৰ্ণ শেষ হ’ব । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বাকী থকা অংশত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি এইবছৰ জলসম্পদ বিভাগে প্ৰায় ২৪০ কিল’মিটাৰ সাঙুৰি ৩৬ টা নতুন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।
আনহাতে সৰুপথাৰ বিধানসভা সমষ্টিতে বিগত চাৰে তিনিটা বছৰত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৪০ কোটিতকৈও অধিক পৰিমাণৰ পুঁজিৰ অনুমোদন দি কাম কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এইকেইটা দিন তেওঁৰ বাবে অতিকে উল্লেখনীয় দিন, কিয়নো যিটো দিনত তেওঁ ৰাজ্যখনৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে কিবা এটা কাম কৰিবলৈ সক্ষম হয় সেই দিনটো তেওঁৰ বাবে এটা উল্লেখনীয় দিন হৈ পৰে।
মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সময়ত ডেৰ লাখ নিকা নিযুক্তি, অৰুণোদয় আঁচনি, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই, আত্ম নিৰ্ভৰ অসম অভিযান, চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণ আদি জনহিতকৰ কামসমূহৰ আভাস দিয়ে। পাছত মন্ত্ৰী হাজৰীকাই ৰজাপুখুৰী শ্যামগাঁৱত উপস্থিত হৈ ৰজাপুখুৰী শ্যামগাঁও বুদ্ধ মন্দিৰ উন্নয়ন আঁচনি আৰু ৰজাপুখুৰী তুৰুংগাঁও বুদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
উল্লেখ্য যে কেইটামান মাহৰ আগতে ৰাজ্য চৰকাৰৰ ’গাঁও চলো’ অভিযানৰ অংশস্বৰূপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই শ্যাম গাঁৱতে নৈশ যাপন কৰিছিল আৰু স্থানীয় ব্যক্তিসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেওঁ গাঁৱৰ বুদ্ধ মন্দিৰ দুটাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২৫ লাখ আৰু ৪০ লাখ টকাকৈ প্ৰদান কৰিব ।
মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতি অনুসৰিয়েই ৰজাপুখুৰী শ্যামগাঁও বুদ্ধ মন্দিৰ আৰু ৰজাপুখুৰী তুৰুংগাঁও বুদ্ধ মন্দিৰ উন্নয়ন আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয় । মন্ত্ৰী পীযুষ হাজৰীকাই আজিৰ এই আধাৰশিলা স্থাপন কৰিবলৈ পাই অত্যন্ত আনন্দিত হোৱা বুলি মন্তব্য কৰে। লগতে শ্যাম গাঁৱৰ পৰিৱেশ অত্যন্ত ভাললগা আৰু তেওঁ শ্যাম গাঁৱলৈ গৈ সদায়েই আনন্দ লাভ কৰে বুলিও উল্লেখ কৰে।