/asomiyapratidin/media/media_files/2025/02/10/tNDFP87Q5zDzGdn3rJDj.jpg)
ডিজিটেল সংবাদ,দিশপুৰ: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এডভাণ্টেজ অসম ২.০ ৰ অধীনত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বাবে আয়োজিত বিশেষ কৰ্মশালাত উপস্থিত থাকে ।
উল্লেখ্য যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগা এডভাণ্টেজ অসম ২.০ ৰ সৈতে সংগতি ৰাখি জিলা পৰ্যায়ত উদ্যোগীসকলৰ সৈতে বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে। আজি তেজপুৰত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ দুই শতাধিক উদ্যোগীৰ বাবে অনুষ্ঠিত কৰ্মশালাত মন্ত্ৰী হাজৰীকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্যোগীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ।
/asomiyapratidin/media/media_files/2025/02/10/hWA9okA6g5cTVYCplwOv.jpg)
আজিৰ কৰ্মশালাত জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত বহুকেইগৰাকী সমল ব্যক্তিয়ে জিলা দুখনৰ উদ্যোগিক সম্ভাৱনাসমূহৰ বিষয়ে বিস্তৃত উপস্থাপন কৰে । আজিৰ অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই দুয়োখন জিলাৰ পৰা অহা উদ্যোগীসকলৰ পৰা তেওঁলোকৰ বাণিজ্যৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে বুজ লয়।
/asomiyapratidin/media/media_files/2025/02/10/l5t9rxu2CbBirHIcFPd4.jpg)
দুগৰাকী উদ্যোগীৰ মাটিৰ কাগজ পত্ৰৰ সমস্যা হোৱা বুলি জানিবলৈ পাই মন্ত্ৰী হাজৰীকাই জিলা আয়ুক্তক বিষয়টো তাৎক্ষণিকভাৱে চোৱাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই আজি কয় যে আজি ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ স্বচ্ছ কামসমূহৰ বাবে অসমত এতিয়া দুৰ্নীতিমুক্ত পৰিৱেশ বিৰাজ কৰিছে যাৰ ফলত বিনিয়োগকাৰীৰ পছন্দৰ ৰাজ্য হিচাপে অসমে গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ আৰম্ভ কৰিছে।
/asomiyapratidin/media/media_files/2025/02/10/vTTiP64ItWpI8D9zpn64.jpg)
আমাৰ দেশখনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত পৃথিৱীৰ পঞ্চম বৃহত্তম দেশ হিচাপে পৰিগণিত হোৱাৰ সময়ত অসমতো উদ্যোগ আৰু বাণিজ্যৰ বাবে সুষ্ঠিৰ পৰিৱেশ সৃষ্টিৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক প্ৰয়াস অব্যাহত ৰখা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।
/asomiyapratidin/media/media_files/2025/02/10/xEMjbUTSh8xhKNbneBa8.jpg)
আনহাতে চাহ আৰু মুষ্টিমেয় চৰকাৰী উদ্যোগ দুটামানৰ বাহিৰে অসমত বিগত সময়ত বিশেষ উদ্যোগ থন ধৰি নুঠাৰ অন্তৰালত এসময়ৰ বন্ধ-ধৰ্মঘট আদিৰে অশান্তজৰ্জৰ পৰিৱেশ অন্যতম দায়ী আছিল বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিগত চাৰিটা বছৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এবাৰলৈও অসম বন্ধৰ দৰে প্ৰতিবাদ হোৱা নাই।
/asomiyapratidin/media/media_files/2025/02/10/sjZBdhFg7K8JCXzkILdn.jpg)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আদৰ্শৰে অসমতো মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত "মেনুফেকচাৰিং হাব" হিচাপে গঢ়ি তুলিবলৈ কাম কৰি থকা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগন্তুক এডভাণ্টেজ অসমৰ জড়িয়তে ৰাজ্যখনে ভালেমান বিনিয়োগ লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ বিশ্বাস কৰে ।
/asomiyapratidin/media/media_files/2025/02/10/YhdGw6qvqSAlV35xskHp.jpg)
আজিৰ অনুষ্ঠানত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আয়ুক্তদ্বয় ক্ৰমে অংকুৰ ভৰালী আৰু মুনিন্দ্ৰ নাথ ঙাটেই বক্তব্য আগবঢ়োৱাৰ লগতে বিধায়কত্ৰয় ক্ৰমে পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু আৰু কৃষ্ণকমল তাতীঁ উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us