নেতা হ'বলৈ অধ্যয়নৰ প্ৰয়োজনঃ মঙলদৈ গ্ৰন্থ মেলাত পীযুষ হাজৰিকা...

author-image
Asomiya Pratidin
New Update
নেতা হ'বলৈ অধ্যয়নৰ প্ৰয়োজনঃ মঙলদৈ গ্ৰন্থ মেলাত পীযুষ হাজৰিকা...

pijush hazarika

ডিজিটেল ডেস্কঃ মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যােগত, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত আয়োজিত মঙলদৈ গ্ৰন্থমেলাৰ আজিৰ "সাহিত্য সন্মিলন" অনুষ্ঠানত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত গ্ৰন্থ অধ্যয়নে মানুহৰ জীৱনলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনে বুলি নিজৰ বক্তব্যত উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই জীৱনত সু-প্ৰতিস্থিত হোৱাৰ ক্ষেত্ৰতো পঢ়া-শুনাৰ প্ৰয়োজনিয়তা থকাৰ কথা দোহাৰে ।

Advertisment

এজন নেতা হোৱাৰ বাবেও অধ্যয়নৰ বিশেষ প্ৰয়োজন আছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে । কিতাপ পঢ়াৰ একোটা বিশেষ আমেজ আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় যে, গ্ৰন্থ অধ্যয়নে মানুহক জ্ঞানী কৰি তোলে ।

গ্ৰন্থমেলাই জাতিটোক বৌদ্ধিকভাৱে সমৃদ্ধ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে, অসমীয়া মানুহে, বিশেষকৈ অভিভাৱকসকলে শিশুসকলক গ্ৰন্থমেলাৰ প্ৰতি আগ্ৰহী কৰি তুলিব ।

mangaldoi police pijush hazarika