![h](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/15/JrHJjV91DJbc56F5QdIv.jpg)
ডিজিটেল সংবাদ,জাগীৰোডঃ জাগীৰোডবাসীৰ বহুদিনীয়া সমস্যা এটা সমাধান হোৱাৰ পথত। সেই সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। জাগীৰোডত অগ্নি আৰু আপদকালীন সেৱা আস্থানৰ অভাৱ বহুদিনীয়া সমস্যা আছিল। ভূমিৰ অভাৱৰ বাবে তাৰ ব্যৱস্থা কৰিব পৰা নগৈছিল।
দেওবাৰে অস্থায়ীভাৱে এই সেৱা আস্থানৰ উদ্বোধন কৰি ৰাইজৰ অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি আহে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা। অতি সোনকালে ৰাজ্য চৰকাৰে স্থায়ীভাৱে জাগীৰোডত অগ্নি আৰু আপদকালীন সেৱা আস্থান মুকলি কৰিব।
জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ কাষতে নতুনকৈ স্থাপন কৰা এই আস্থানে জৰুৰীকালীন সময়ত সমষ্টিবাসীক পৰ্যাপ্ত সুবিধা আগবঢ়াব বুলি আশা কৰা হৈছে। জাগীৰোডৰ ৰাইজৰ এই বহুদিনীয়া অভাৱটো পূৰণ কৰিবলৈ পাই সুখী মন্ত্ৰী হাজৰিকা।
উদ্বোধনী অনুষ্ঠানত জৰুৰীকালীন সময়ত সকলোকে ক্ষিপ্ৰতাৰে সেৱা আগবঢ়াই যাবলৈ এই আস্থানটোত নিয়োজিত সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। এই বিশেষ কাৰ্যসূচীত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অগ্নি আৰু আপদকালীন বিভাগৰ আৰক্ষী অধীক্ষক ছাদিক আলী আহমেদসহ বিষয়া-কৰ্মচাৰী, সম জিলা আয়ুক্ত বিমান দাস, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, সমাজকৰ্মী প্ৰবীণ কুমাৰ ডেকা আৰু পল্লৱ বৰদলৈসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় লোক উপস্থিত থাকে।