ৰাজ্যৰ বান-খহনীয়া সমস্যা সমাধানৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাৰ তৎপৰতা...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি হোজাই জিলাক বানমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি হোজাই অঞ্চল

author-image
Asomiya Pratidin
New Update
yhyhhh

ডিজিটেল ডেস্কঃ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি হোজাই জিলাক বানমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি হোজাই অঞ্চল বানমুক্ত কৰাৰ বাবে মাথাউৰিৰ কাম চলি আছে আৰু আগলৈ কৰিবলৈও সাজু আছো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

আজি হোজাইত উপস্থিত হৈ জলসম্পদ তথা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। হোজাইত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পোনে পোনে নির্মীয়মান মাথাউৰিৰ কাম পৰিদৰ্শন কৰে।

হোজাইৰ ঠেপলাগুড়িত কপিলী নৈৰ পাৰত নতুনকৈ নিৰ্মাণ হৈ থকা মাথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে বৰ্তমানলৈ ৭.৫ কিলোমিটাৰ কাম সম্পূৰ্ণ হৈছে সকলো ঠিকে থাকিলে অহাবাৰলৈ পুনৰ ৭ কিলোমিটাৰ মাথাউৰিৰ কাম হ’ব বুলি মন্তব্য কৰে। প্ৰায় ৮৫ শতাংশ কাম সম্পূৰ্ণ হোৱা এই মথাউৰিটোৰ বাকী থকা কামখিনি সুকলমে, নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তা, বিষয়াসকলক নিৰ্দেশ দিয়ে। 

আজিৰ পৰিদর্শনৰ সময়ত হোজাই জিলাখনক বানমুক্ত কৰিবলৈ আৰু ৭ কিল'মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণৰ প্ৰয়োজন আছে বুলি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আগন্তুক সময়ত পৰ্যায়ক্ৰমে এই কামখিনিও সম্পাদন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

92c3f18c-8a8d-40ff-bedf-ae997bff6b24

মন্ত্ৰীগৰাকীয়ে আজি বিধায়ক জিতু গোস্বামীৰ সৈতে যমুনামুখৰ ভূটীয়াপামত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতি পৰিদৰ্শন কৰে আৰু মথাউৰিৰ প্ৰয়োজন হোৱা স্থানসমূহৰ বুজ লয়। উল্লেখ্য যে বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যমুনামুখত মন্ত্ৰীগৰাকী প্ৰচাৰৰ বাবে আহোঁতে স্থানীয় ৰাইজে এই অঞ্চলত কপিলী নৈৰ বান-খহনীয়া সমস্যাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰিছিল।

cbb50d74-9389-4fd2-8d31-2819d25dcd67

 মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰি বৃহত্তৰ অঞ্চলটোৰ সুৰক্ষাৰ বাবে প্ৰায় ৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াত জিঅ' মেগা টিউবৰ সহায়ত মথাউৰি নিৰ্মাণৰ লগতে কপিলী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে জলসম্পদ বিভাগৰ অভিযন্তা, বিষয়াসকলক প্ৰকল্প সাজু কৰিবলৈ নিৰ্দেশ দিয়ে।

এই স্থানত মথাউৰি নিৰ্মাণৰ লগতে খহনীয়া প্ৰতিৰোধী কাম অতিশীঘ্ৰে আৰম্ভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ৰাইজক আশ্বাস দিয়ে। একেদিনাই মন্ত্ৰীগৰাকীয়ে আজি বৰ্তমানৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনস্থ গাৰোখুন্দা, চাংচাকী আদি কেইবাটাও স্থানত থকা মথাউৰি পৰিদৰ্শন কৰে। উল্লেখ্য যে জলসম্পদ বিভাগৰ নগাঁও সংমণ্ডলত ৰহা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিত কপিলী নৈৰ বাঁওপাৰৰ গাৰোখুন্দা, বৰচুঙৰ পৰা চাংচাকীলৈ আৰু সোঁপাৰৰ বাৰেগোগাৰ পৰা নিজ নাৰিকলিলৈ মুঠ ৯.৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ দুটা নতুন মথাউৰি নিৰ্মাণৰ কাম চলি আছে।

8c967144-708a-4fff-b3f1-26c18c41afdf

ইতিমধ্যে ৮৫ শতাংশ কাম সম্পূৰ্ণ হোৱা মথাউৰিটোৰ বাকী থকা কামখিনি ভৰ বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। কামৰ ক্ষেত্ৰত যাতে কোনেও হেমাহি নকৰে, কোনেও দুৰ্নীতিত লিপ্ত নহয়, তাৰ বাবেও মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। স্মৰ্তব্য যে ৰাজ্যৰ বান-খহনীয়া সমস্যা সমাধানৰ উদ্দেশ্যে জলসম্পদ বিভাগে প্ৰতিৰোধী কাম-কাজ অব্যাহত ৰাখিছে।

সকলো কাম যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰ বাবে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই যথেষ্ট তৎপৰতাৰে স্থানসমূহ নিয়মীয়াকৈ পৰিদর্শন কৰি আছে। আজি পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক জিতু গোস্বামী, শশীকান্ত দাস, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, বিষয়া আদি উপস্থিত থাকে। 
আনহাতে, মন্ত্ৰীগৰাকীয়ে আজি জাগীৰোড সমষ্টিৰ বৃহত্তৰ সীতাজখলাত উপস্থিত হৈ কেবাগৰাকীও কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।  

21d530dd-634a-49da-adf5-c5d0c287ac45

জাগীৰোড সমষ্টিৰ বৃহত্তৰ সীতাজখলা অঞ্চলত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা বিজ্ঞান শাখাত মন্দিৰা বড়ো (৮৮.৬%) আৰু মেঘা শৰ্মা (৯০%), কলা শাখাত পদ্ম ভৰালীয়ে (৮৮%)ক মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন জনায়।

সীতাজখলাত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অংশ লৈ কৃতী ছাত্ৰীকেইগৰাকীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। আগন্তুক দিনৰ শুভেচ্ছাৰে ছাত্রীকেইগৰাকীক মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা উপহাৰ হিচাপে লেপটপ প্ৰদানৰ কৰা হয়।

ড'নাল্ড ট্ৰাম্প