/asomiyapratidin/media/media_files/2024/11/22/YpzbJx2j30FKtXDzrMgg.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ জজ খেলপথাৰত ৰাজ্যখনৰ এক আগশাৰীৰ ক্ৰীড়া সংগঠন গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত দ্বিতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ উদ্বোধন কৰে।
/asomiyapratidin/media/media_files/2024/11/22/2XYy8rRXmGjIEuZrsiIE.jpg)
১৬ টা দলে অংশ লোৱা এই ফুটবল টুৰ্ণামেণ্টৰ আজি অনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সকলোকে শুভেচ্ছা জনায়।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ অধীনত বিগত সময়চোৱাত অসমৰ ক্ৰীড়াৰ আন্তঃগাঁঠনিৰ ব্যাপক উন্নয়ন হোৱা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/media_files/2024/11/22/AZlyzAGK2UYh4pWtBlDF.jpg)
লগতে কয় যে, এই সময়চোৱাত আমাৰ বহু খেলুৱৈয়ে অলিম্পিককে ধৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম বুটলিবলৈ সক্ষম হৈছে। আজিৰ কাৰ্যসূচীতে ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বহুকেইগৰাকী প্ৰাক্তন খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় ।
/asomiyapratidin/media/media_files/2024/11/22/aS74bstmnhmGbR6pJQcS.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us