ঢেকীয়াজুলিত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাইঃ মথাউৰি নিৰ্মাণৰ ঘোষণা

ঢেকীয়াজুলিত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাইঃ মথাউৰি নিৰ্মাণৰ ঘোষণা

author-image
Asomiya Pratidin
New Update
ঢেকীয়াজুলিত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাইঃ মথাউৰি নিৰ্মাণৰ ঘোষণা

ডিজিটেল সংবাদ,ঢেকীয়াজুলি: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে মন্ত্ৰী অশোক সিংহলৰ সৈতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ বৰছলা বৰভগীয়া অঞ্চল ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। লগতে জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগৰ শীৰ্ষ অভিযন্তাৰ পৰা অঞ্চলটোত বান নিয়ন্ত্ৰণৰ বাবে ল'বলগা ব্যৱস্থাসমূহৰ বিষয়ে বুজ লয়।অঞ্চলটোৰ বৰছলা বিলত ব্ৰহ্মপুত্ৰৰ পানী সোমাই কাষৰীয়া লোকনিৰ্মাণ বিভাগৰ অধীনৰ পথ এটা বুৰাই অঞ্চলটোত বানৰ সৃষ্টি কৰিছিল।

Advertisment

বৰভগীয়াৰ পৰা শিঙৰীলৈ যোৱা প্ৰায় ৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটো অহাবাৰ ওখ কৰাৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শন সময়ত উল্লেখ কৰে।অঞ্চলটোক বানমুক্ত কৰাৰ প্ৰয়াস হিচাপে এই স্থানত ব্ৰহ্মপুত্ৰৰ পাৰত পাঁচ কিল'মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব বুলিও জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ বাবে পানী কমাৰ পাছতে প্ৰয়োজনীয় অধ্যয়ন আৰু যাৱতীয় কামসমূহ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

pijush hazarika Dhakiajuli