মন্ত্ৰী পীযুষ হাজৰিকাক অপসাৰণৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

মন্ত্ৰী পীযুষ হাজৰিকাৰ ছত্ৰছাঁয়াতেই সমগ্ৰ দুৰ্নীতি সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে । বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক অপসাৰণৰ লগতে সঞ্চালিকা কুলশ্ৰী নাথক গ্ৰেপ্তাৰৰ দাবী

author-image
Asomiya Pratidin
New Update
dsada

ডিজিটেল সংবাদ, শিৱসাগৰঃ   আজি শিৱসাগৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাসে । শাসকীয় বিজেপি চৰকাৰৰ দিনত অনুসূচিত জাতিৰ বিভাগত সৰ্বাধিক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক অপসাৰণৰ লগতে সঞ্চালিকা কুলশ্ৰী নাথক গ্ৰেপ্তাৰৰ দাবী জনাই অনুসূচিত জাতি ছাত্ৰ সন্থাই।

Advertisment

অনুসূচিত জাতিৰ লোকৰ বাবে অহা ১৪০ কোটি টকাৰ সামগ্ৰী বিতৰণত দুৰ্নীতি হোৱাৰ অভিযোগৰ উপৰি মিনি ষ্টেডিয়াম নিৰ্মাণৰ নামত দুৰ্নীতি,অনুসূচিত জাতিৰ আঁচনিৰ ধন অন্য শিতানলৈ হস্তান্তৰকৰণ,ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষণৰ বাবে অহা ধনৰ দুৰ্নীতিৰ অভিযোগকে ধৰি শাসকীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতা পৰশজ্যোতি দাসে।

আনহাতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত এক হাজাৰ চিলাই মেচিন বিতৰণৰ ক্ষেত্ৰতো চৰকাৰখনে দুৰ্নীতি আশ্ৰয় গ্ৰহণ কৰা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টি আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰহা সমষ্টিৰ বাবে ৫০০ চিলাই মেচিন ৰাখি বাকী ৫০০ চিলাই মেচিন নামনি সহিতে কেইখনমান জিলাৰ বাবে আৱণ্টন দি উজনি আৰু মধ্য অসমৰ জিলাত বসবাস কৰা অনুসূচিত জাতিৰ লোকসকলক বঞ্চিত কৰা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে ।

সংগঠনটোৰ স্পষ্ট অভিযোগ প্ৰকৃত মূল্যতকৈ চিলাই মেচিনৰ দাম অধিক নিৰ্ধাৰণ কৰা হৈছে । দহ হাজাৰ টকাৰ চিলাই মেচিন বিশহাজাৰ টকাত ক্ৰয় কৰা হৈছে । প্ৰকৃতপক্ষে অনুসূচিত জাতিৰ চাফাইকৰ্মী সকলে লাভ কৰিবলগা ৩২ খন এ চি বাহনৰ পৰাও এইসকল লোকক বঞ্চিত কৰা হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ ছত্ৰছাঁয়াতেই সমগ্ৰ দুৰ্নীতি সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে ।

অনুসূচিত জাতিৰ লোকসকলক এইসমূহ আঁচনিৰ পৰা বঞ্চিত কৰি কেৱল ভোট বেংকৰ স্বাৰ্থতেই চৰকাৰখনে কাম কৰি যোৱা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ লোকসকলে ইয়াৰ সমূচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে ।

মন্ত্ৰী পীযুষ হাজৰিকা