/asomiyapratidin/media/media_files/2025/05/09/Ak4yWeUjBsWPMlCjAFoX.jpg)
ডিজিটেল ডেস্কঃ বাস্তৱত বলে নোৱাৰি সামাজিক মাধ্যমত ভাৰতৰ বিৰুদ্ধে মিছা খবৰ বিয়পাই আন্তসন্তুষ্টি লভিছে পাকিস্তানে। ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে প্ৰেৰণ কৰা প্ৰায় প্ৰতিটো মিছাইল আৰু যুজাঁৰু বিমান ধ্বংস কৰাৰ পাছত এইবাৰ পাকিস্তানে আশ্ৰয় লৈছে মিথ্যাচাৰৰ।
শেহতীয়াকৈ পাকিস্তানে জলন্ধৰত ড্ৰোণ আক্ৰমণ কৰা বুলি এক ভিডিঅ সামাজিক মাধ্যমত আপলোড কৰিছিল। এটা পুৰণি ভিডিঅক এতিয়াৰ বুলি দাবী কৰি পাকিস্তানে প্ৰচাৰ কৰাৰ কাৰ্যক তীব্ৰ গৰিহনা দিছে ভাৰতে। শেহতীয়াকৈ পি আই বিয়ে কৰা ফেক্ট চেকত পোহৰলৈ আহিছে যে, পাকিস্তানৰ এই ভিডিঅ ভুৱা আৰু ভুল তথ্য জনগণক প্ৰদান কৰা হৈছে।
এখন ফাৰ্মত জুই লগা দৃশ্যকে ভাৰতত ড্ৰোণ আক্ৰমণ বুলি পাকিস্তানে প্ৰচাৰ কৰা কাৰ্যক এতিয়া বহুতে সামাজিক মাধ্যমত তুচ্চ-তাচ্ছিল্য কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us