পুনৰ বহিঃৰাজ্যত বিশেষভাৱে সক্ষম লোকৰ ৰহস্যজনক মৃত্যু...

পুনৰ বহিঃৰাজ্যত বিশেষভাৱে সক্ষম লোকৰ ৰহস্যজনক মৃত্যু...

ডিজিটেল সংবাদ, ওৰাংঃ পুনৰ বহিঃৰাজ্যত ৰৌতাৰ বিশেষভাৱে সক্ষম লোকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। কৰ্ণাটকৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে ৰে'লৰ ডবাত উদ্ধাৰ হৈছে ৰৌতাৰ ইকৰাবাৰীৰ বিকলাংগ বাবৰ আলী(৩৮)ৰ মৃতদেহ। লোকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

ওদালগুৰি জিলাৰ ৰৌতাৰ ইকৰাবাৰী গাঁৱৰ বাবৰ আলী নামৰ বিশেষভাৱে সক্ষম লোকজন কিছুদিন আগত কামৰ সন্ধানত কৰ্ণাটকলৈ গৈছিল। যোৱা মঙলবাৰে ব্যক্তিজন আৰু তেওঁৰে সম্পৰ্কীয় হাবিবুল্লাহৰ সৈতে ঘৰলৈ বুলি ৰে'লত উঠে। কিন্তু আহি থকা অৱস্থাতে বুধবাৰে পশ্চিমবংগৰ ৰাজাহাটত ৰে'লৰ ডবাত বাবৰ আলীৰ মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহৰ শৰীৰত কোনো কাপোৰ নথকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। মৃত বাবৰ আলীৰ সৈতে অহা হাবিবুল্লাহৰ স্থিতিত সন্দেহ ব্যক্ত কৰিছে পৰিয়াল তথা দল-সংগঠনে। বুধবাৰে লোকজনৰ মৃত্যু হৈছিল যদিও হাবিবুল্লাহে পৰিয়ালক বৃহস্পতিবাৰে খবৰ দি মৃতদেহ ৰে'লতে এৰি থৈ ঘৰলৈ গুছি আহে। তাৰ পিছৰে পৰা পৰিয়ালটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি ৰাখিছে হাবিবুল্লাহে।

আনকি একে লগে আহি থকা বিকলাংগ ব্যক্তিজন কেনেদৰে ৰে'লতে মৃত্যু হ'ল সেয়া অজ্ঞতা প্ৰকাশ কৰে হাবিবুল্লাহে। এই লৈ সমগ্ৰ ৰৌতা অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিগত চাৰিদিনে মৃতদেহ পৰি ৰৈছে ৰাজাহাটৰ জিআৰপি আৰক্ষীৰ জিম্মাত। ধনৰ অভাৱত মৃতদেহ ঘৰলৈ আনিব পাৰা নাই পৰিয়ালে। মৃতদেহ আনি দিবলৈ পৰিয়ালৰ লোকে জিলা প্ৰশাসনক অনুৰোধ কৰিছে ।

পুনৰ বহিঃৰাজ্যত বিশেষভাৱে সক্ষম লোকৰ ৰহস্যজনক মৃত্যু...
ছত্তিশগড়ৰ নাৰায়ণপুৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযানঃ ৭ মাওবাদী নিহত, ৩ জোৱান আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in