/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e4b45986-a0ef-4982-aee6-53dec90572eb/phulaguri_18.jpg)
phulaguri dheba
ডিজিটেল সংবাদ বেবেজীয়া: ইংৰাজ চৰকাৰৰ অত্যাধিক কৰ নীতিৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিবলৈ সংগঠিত হোৱা কৃষকসকলক গুলীয়াই কলঙৰ পানী ৰাঙলী কৰা ১৮৬১ চনৰ ১৮ অক্টোবৰত ফুলগুৰিত ৫৪ জনৰো অধিক কৃষকে প্ৰাণ আহুতি দিয়া ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা ১৬১ বছৰ অতিক্ৰম কৰিছে ৷ সেই উপলক্ষে ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিৰ সহযোগত আৰু অসম জাতীয় পৰিষদৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ স্মৃতি দিৱস উদযাপন কৰা হয় ৷
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি পুলিন হাজৰিকা আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰবীন হাজৰিকাই ৷ ফুলগুৰি ধেৱা শীৰ্ষক মুকলিসভাত সভাপতিত্ব কৰে প্ৰবীন হাজৰিকাই ৷
মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ঐতিহাসিক ফুলগুৰিত ধেৱাক আজি পৰ্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত অবলোকন হোৱা নাই। ইয়াৰ কোনো স্বীকৃতি দিয়া বা মৰ্যদাও দিয়া নাই বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰে ৷
৪৯ গৰাকী কৃষকে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামৰ সেই সময়ত ১৫ শ পৰিয়ালে ঐক্যবদ্ধ হৈ বৃটিছৰ কৰ-কাতলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷ সেই সময়ৰ সংগ্ৰাম আৰু কৃষকসকলৰ বিদ্ৰোহৰ এক ঐতিহাসিক সমন্বয় আছিল এই ফুলগুৰি ধেৱা। কিন্ত চৰকাৰসমূহে এই বিদ্ৰোহক সদায় উপেক্ষিত কৰি আহিছে ৷ দিল্লীয়ে ফুলগুৰি ধেৱাক স্বীকৃতি নিদিয়ে ।
ইয়াৰ উপৰিও তেওঁ কয়- ব্ৰিটিছ আৰু বি জে পিৰ চৰকাৰ শাসনৰ কোনো পার্থক্য নাই। কাৰণ ব্ৰিটিছে কৰ-কাতল যেনেকৈ লগাইছিল ঠিক সেইদৰে আজি বি জে পি চৰকাৰে আৰোপ কৰা ৰাইজৰ ওপৰত কৰ-কাতলে মাধ মাৰ দিছে। গগৈয়ে ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱাক ইতিহাসৰ পাতত লিপিবদ্ধ কৰাৰ লগতে এই ধেৱাক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি বিশ্ববিদ্যালয়ৰ পৰ্যায়ত ফেলশ্বিপৰ ব্যৱস্থা কৰি এক গৱেষণাৰ স্থলীলৈ পৰ্যবেশিত কৰাৰ বাবে চৰকাৰক আহবান জনায় ৷
ভাষণ প্ৰসংগত গগৈয়ে চৰকাৰৰ উপেক্ষিত এই অনুষ্ঠানটো ৰজাঘৰীয়াই আয়োজন কৰিবৰ বাবে সাহস নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেবব্ৰত শৰ্মাই ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ বিষয়ে আলোকপাত কৰে ৷
তেওঁ কয়- সাধাৰণ কৃষি কৰ্মৰে খাতি খোৱা কৃষকক হেঁচা প্ৰয়োগেৰে কৰ-কাতল সংগ্ৰহ, অন্যায়-অত্যাচাৰ বিৰুদ্ধে কৃষকৰ মুকলি সংগ্ৰামৰ পৰিণতি আছিল এই ফুলগুৰি ধেৱা। ১৮৫৭ চনৰ ভাৰতৰ চিপাহী বিদ্ৰোহৰ পিছতে হোৱা এই বিদ্ৰোহ সম্ভৱত ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ আছিল।
উল্লেখ্য যে, অন্যায় গৰ্ভৰ পৰাই বিদ্ৰোহ বা বিপ্লৱৰ জন্ম হোৱা লেখিয়া বৃটিছ চৰকাৰৰ অবৰ্ণনীয় অত্যাচাৰ, শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে কৃষকসকলে কৰা এক স্বতঃস্ফুৰ্ত আন্দোলন আছিল এই ফুলগুৰি ধেৱা ৷ পৰাধীনতাৰ অপযশত বিদেশীৰ ওচৰত নতশিৰ নহৈ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ লগে লগে নগাঁও জিলা ফুলগুৰিতো স্বাধীনতাৰ দাবীৰে মাতৃ-মুক্তিৰ মহান আহ্বানত এই বিদ্ৰোহ হৈছিল।
ইংৰাজসকলৰ শোষণ নীতিৰে হালোৱা-হুজুৱা সাধাৰণ খেতিয়কৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে মাৰবান্ধি একগোট হৈ ফেপেৰি পাতি ধৰি ৰামটাঙোন সোধাইছিল বৃটিছ চাহাবৰ মূৰত। লাঠিৰ কোৱত ইংৰাজ বগা চাহাব তথা ছিংগাৰ চাহাবে থিতাতে মৃত্যু বৰণ কৰিব লগা হয় ।
কিন্তু চতুৰ ইংৰাজৰ বিভিন্ন চল-চাতুৰি, কূটনৈতিক প্ৰচাৰ আৰু কু-অভিসন্ধিৰ বাবে এই বিদ্ৰোহৰ প্ৰকৃত কাৰণ বাহিৰত প্ৰচাৰ কৰিবলৈ সেই সময়ত উপযুক্ত মানুহৰ অভাৱৰ বাবে প্ৰকৃত বিদ্ৰোহে মৰ্যদা লাভ নকৰিলে। তদুপৰি বৃটিছ তথা ইংৰাজসকলে কৰ-কাতলৰ উপৰিও পুৰণি অসমীয়া সভ্যতা, সমাজ, কৃষ্টি , সংস্কৃতি, শিক্ষা আদিৰ পদ্ধতিবোৰৰ মাজ কঁকালতে হেঁচুকি ভাঙি তাৰ ঠাইত পশ্চিমীয়া বিজতৰীয়া ৰীতি-নীতি প্ৰচলন কৰাত অসমীয়াই কেতিয়াও মনে-প্ৰাণে হজম কৰিব পৰা নাছিল। ফলত সংঘাত বাঢ়িছিল আৰু ফুলগুৰি ধেৱাও আছিল এই সংঘাতৰ ফল।
উল্লেখ্য যে, ইংৰাজৰ কঠোৰ শোষন নীতিৰে দিনক দিনে খাজানা বৃদ্ধি কৰি ১৮৬১ চনত নতুনকৈ কৰ লগাই নগঞা ৰাইজক হাৰাশাস্তি কৰিছিল। অসমৰ ভূমিত উৎপাদন কৰা সকলো ফচলৰ লগতে আফু খেতিৰ ওপৰতো ইংৰাজৰ চকু পৰি অসমীয়া মানুহৰ মাজত কানি বিক্ৰী বন্ধ কৰি আফু খেতিৰ ওপৰত অধিক খাজানা লগাইছিল।
ইফালে স্বাধীনতাৰ স্বপ্নই খেদি ফুৰা মনিৰাম দেৱানে সমগ্ৰ অসমৰ লগতে নগাঁৱতো বিদ্ৰোহৰ অগনি জলাই তুলিছিল । নগঞা ৰাইজক সাজু কৰিবলৈ কলিকতালৈ যোৱাৰ পথত ৰহাৰ ৰহীয়াল বৰুৱাৰ ঘৰত সাতোৰজা আৰু পাঁচো ৰজাৰ সৈতে গোপন আলোচনা পাতিছিল।
প্ৰায় পাঁচ বছৰযোৰ প্ৰস্তুতি আছিল এই বিপ্লৱৰ। সেই আলোচনাত বগা বঙালক অসমৰ চাৰি ঢাপৰ সিপাৰ কৰি থৈ আহিবলৈ ৰহাৰ মোলানকটাত ভিবি কমাৰৰ হতুৱাই কমাৰশাল পাতি যুদ্ধৰ সঁজুলিও তৈয়াৰ কৰিছিল। "ঢালৰ চাতত ডবিয়া তামোলৰ থুৰিপাত কাটা" বাহুবলী, সাহসী, কটহগুৰিৰ লক্ষণ চিং ডেকাক নগঞা সৈন্যসকলৰ সেনাপতি পাতিছিল দেৱানে।
ফুলগুৰিত আফুখেতি বন্ধ কৰিবলৈ জিলাধিপতি স্কনচ চাহাবে ১৮ অক্টোবৰ ১৮৬১ চনত জাননী জাৰি কৰি যি ব্যৱহাৰ কৰিছিল কৰিছিল সেই ব্যৱহাৰত বিশেষকৈ ফুলগুৰীয়া লোকসকল জ্বলি উঠিছিল আৰু সময়লৈ বাট চাইছিল। পাছত ফুলগুৰি কলং নদীৰ মাজত থকা তিনিজোপা আঁহত তলতে ফুলগুৰিয়া ৰাইজে পতা ৰাইজমেল ভাঙিবলৈ বিলাতৰ পৰা নগাঁৱলৈ অহা ডেকা ছোটা চাহাব লেফটেনেন্ট চিঙ্গাৰ চাহাবক পঠালে।
কিন্তু বিলাতী চাহাবে বিলাতী কায়দাৰে ৰাইজক উদ্দেশ্য কৰি খং ৰাগ কৰাত ৰাইজ চিংগাৰ চাহাবৰ ওপৰত জপিয়াই পৰিল। আধামৰা অৱস্থাত চিঙ্গাৰ চাহাবক চোঁচৰাই কলং নদীত পেলাই দিলে আৰু ৰাইজৰ লাঠিৰ কোবত তিনিজন সৈনিকো মৃত্যু হয়। এয়াই আছিল মুকলি আক্ৰমণৰ অধ্যায়।
ইয়াৰ পাছত কৃষকসকলৰ লগত বৃটিছ সৈন্যৰ যুদ্ধ চলিল। পিছে বৃটিছে নিৰীহ কৃষকৰ ওপৰত চলোৱা গুলীৰ আঘাতত বহু জন কৃষক নিহত হয় আৰু বহুলোকক আটক কৰি কলিয়া পানীলৈ পঠালে। গুৰুতৰ ৰূপে আঘাট পোৱা সকলেও মৃত্যুৰ সময়তো এটুপি পানীৰ পৰা বঞ্চিত হৈছিল।
ইংৰাজ সৈনিকৰ অমানুষিক হত্যাকাণ্ডৰ পিছত অঞ্চলজুৰি কান্দোনৰ ৰোল উঠিল।বহু মহিলা অকালতে বিধৱা হ'ল, বহু তেজাল যুৱকৰ সপোন মৰহি গৈ মৃত্যু হ'ল। বহু পিতৃ-মাতৃৰ বুকু উদঙ হ'ল। শ শ জন তেজাল অসমীয়া যুৱক গুলী , লাঠী , বুটজোতাৰ আঘাতত অঙ্গহানি হৈ আজীৱন দুখৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ল।
কেৱল সেয়াই নহয়, বাঁহৰ গৰালত শ শ মানুহক ৰ'দ-বৰষুণৰ মাজতে আৱদ্ধ কৰি চলাইছিল অমানুষিক নিৰ্যাটন।বিনা দোষত নিৰীহ প্ৰজাৰ ওপৰত চলিছিল মাৰকিল, কুমাৰী-অকুমাৰী নাৰীৰ ওপৰত চলিছিল অত্যাচাৰ, ঘৰত সোমাই চলাইছিল লুট-পাট।
ইংৰাজৰ অত্যাচাৰৰ প্ৰকোপ সহিব নোৱাৰি লক্ষণ চিং সেনাপতিয়ে নিজে বিদ্ৰোহী সকলৰ নেতা বুলি ধৰা দিলে। ঠিক সেইদৰে ৰংবৰ লালুঙে ময়ে চিঙ্গাৰ চাহাবক প্ৰথমে মাৰিছিলো, চাংবৰ লালুঙেও মাৰিছিলো বুলি স্বীকাৰ কৰি ধৰা দিয়ে। বিচাৰত তিনিওকে নগাঁও জেলতে ফাঁচি দিয়া হয়।
ইয়াৰ লগতে ৰুপচিং লালুঙ, চিব চিং লালুঙ, নৰচিং লালুঙ, হেবেৰা লালুঙ, বাহু কৈবৰ্ত, বনমালী কৈবৰ্ত, কটিয়া লালুঙকে ধৰি মুঠ সাতজনক যাবজ্জীৱন দ্বীপান্তৰী কৰি কলিয়াপানীলৈ পঠালে। অৰ্ধশতাধিকক বিভিন্ন ম্যাদত সশ্ৰম কাৰাদণ্ড দিয়া হ'ল।
পাঁচো ৰজা, সাতোৰজা সকলৰ যি সা-সুবিধা দিয়া হৈছিল সেইবোৰো বন্ধ কৰি দিয়া হ'ল। বহু মৌজাদাৰ, সৰু-বৰ চাকৰিয়ালকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল। পৰিতাপৰ বিষয় যে কৃষক বিদ্ৰোহত যিসকল লোকে প্ৰাণ আহুতি দিলে, অথবা যিসকল নিৰ্যাতিত হ'ল সেই সকলৰ পৰিয়ালক আজি পৰ্যন্ত চৰকাৰী ভাৱে কোনো স্বীকৃতি প্ৰদান কৰা নহ'ল।
তদুপৰি ইতিহাস প্ৰসিদ্ধ ঠাইখিনিত কেৱল ধেৱাৰ দিনটোত সভা অনুষ্ঠিত কৰি, বন্তি প্ৰজ্বলন কৰিয়ে দ্বায়িত্ব সামৰা পৰিলক্ষিত হয়। এই বাৰ ১৬১ সংখ্যক ফুলগুৰি ধেৱা অসম জাতীয় পৰিষদ আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আয়োজন কৰি ছহি লক্ষন সিং ডেকা আৰু বাহু কৈবৰ্তৰ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ লগতে কেবাগৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয় ৷
এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকা , অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, এ জে পিৰ উপ-সভাপতি চমচেৰ সিংহ, বিশিষ্ট সাহিত্যিক শিবানন্দ কাকতি, প্ৰৱক্তা মোহিনী মোহন ডেকা , প্ৰাক্তন এ ডি জি পি দীলিপ বৰা , অমৃত হাজৰিকা ,কাকলি বৰদলৈ ,পুতুলী কায়ষ্ঠৰ লগতে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতি আৰু অসম জাতীয় পৰিষদৰ বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷