Advertisment

ললিত কলা একাডেমীত ফটো প্ৰদৰ্শনী অনুষ্ঠান...

৩০ জানুৱাৰীলৈ চলিব লগা উক্ত প্ৰদৰ্শনীত দিল্লীস্থ অসমীয়া লোকৰ লগতে ফটোগ্ৰাফীৰ সৈতে জড়িত থকা লোকসকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে সঞ্জীৱ গোহাঁই বৰুৱাই।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  ৰাজধানী দিল্লীস্থিত ললিত কলা একাডেমিত আয়োজন কৰা হৈছে ফটো প্ৰদৰ্শনীৰ । ২৩ৰ পৰা ৩০ জানুৱাৰীলৈ ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ গোহাঁই বৰুৱাৰ ‘’ব্ৰহ্মপুত্ৰ আৰু অন্যান্য কাহিনী’’(Brahmaputra and other stories) শীৰ্ষক এখনি ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে ।

Advertisment

বৃহস্পতিবাৰে কেইবাগৰাকীও গণ্য মান্য ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা উক্ত ফটো প্ৰদৰ্শনীত মহাবাহু ব্ৰহ্মপুত্ৰক বিষয় বস্তু হিচাপে লৈ ১৪ খন আৰু অসমৰ অন্যান্য বিষয় সন্দৰ্ভত ৩১ খন মুঠ ৪৫ খন ফটো প্ৰদৰ্শন কৰা হয় । 

৩০ জানুৱাৰীলৈ চলিব লগা উক্ত প্ৰদৰ্শনীত দিল্লীস্থ অসমীয়া লোকৰ লগতে ফটোগ্ৰাফীৰ সৈতে জড়িত থকা লোকসকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে সঞ্জীৱ গোহাঁই বৰুৱাই।

দিল্লী