ডিজিটেল ডেস্কঃ বুধবাৰে নিশা হঠাতে অসুস্থ হৈ পৰে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। অসুস্থতাৰ বাবে বুধবাৰে নিশাই বৰপেটাৰ সাংসদগৰাকীক প্ৰথম অৱস্থাত বঙাইগাঁৱত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও নিশাই তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।
চিকিতসকে সদৰি কৰা মতে, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগিছে । বৰ্তমান গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে সাংসদগৰাকী। চিকিৎসকে সদৰি কৰা অনুসৰি সাংসদগৰাকী বৰ্তমান সংকটমুক্ত।
ইফালে নিশাই হস্পাতালত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে, পূৰ্বতকৈ সুস্থিৰ হৈছে ফণীভূষণ চৌধুৰীৰ স্বাস্থ্যৰ অৱস্থা।