/asomiyapratidin/media/media_files/2025/08/05/1-2025-08-05-18-55-14.jpg)
ডিজিটেল সংবাদ,দিল্লীঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰে নতুন দিল্লীৰ হাইদৰাবাদ হাউচত এক দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ. জয়শংকৰ আৰু বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাও এই বৈঠকত উপস্থিত থাকে।
আজিৰ দ্বিপাক্ষিক বৈঠকত উভয় দেশেই দ্বিপাক্ষিক সম্পৰ্কক “কৌশলগত অংশীদাৰিত্ব”লৈ উন্নীত কৰাৰ লগতে এক বিস্তৃত কাৰ্যপন্থাৰ জৰিয়তে ইয়াক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহমত পোষণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/05/whatsapp-image-20-2025-08-05-19-36-46.jpg)
এই বৈঠকত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি মাৰ্কছৰ উপস্থিতিত মহাকাশ, পৰ্যটন, সংস্কৃতি, বিজ্ঞান আৰু প্ৰযুক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত একাধিক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি আৰু টাৰ্মছ অৱ ৰেফাৰেঞ্চ আদান-প্ৰদান কৰা হয়।
ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মাৰ্কছ জুনিয়ৰক সাক্ষাৎ কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে তেওঁৰ আলোচনাই এই দ্বিপাক্ষিক অংশীদাৰিত্ব যথেষ্ট গভীৰ কৰি তুলিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/05/1-2025-08-05-19-38-15.jpg)
উল্লেখ্য যে, সোমবাৰে ৰাজ্যিক ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হৈছিল ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ। দেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছক আদৰণি জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us