ফটিকদত্ত গোস্বামীক ৰাষ্ট্ৰীয় প্রতিভা-২০২৪ সন্মান প্রদান….

গল্ডেন স্প্ৰেৰ' নামৰ অনুষ্ঠানে নতুন দিল্লীৰ লিংগায়াছ ললিতা দেৱী ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উক্ত সম্মান ফটিকদত্ত  গোস্বামীক প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বিশিষ্ট সমাজকর্মী, সুলেখক, নিবন্ধকাৰ, অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান ফটিকদত্ত গোস্বামীক অলপতে নতুন দিল্লীত ৰাষ্ট্ৰীয় প্রতিভা সম্মানেৰে সন্মানিত কৰা হয়।

গল্ডেন স্প্ৰেৰ'নামৰ অনুষ্ঠানে নতুন দিল্লীৰ লিংগায়াছ ললিতা দেৱী ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উক্ত সম্মান ফটিকদত্ত  গোস্বামীক প্ৰদান কৰে।

উল্লেখ্য যে গোস্বামীৰ দ্বাৰা লিখিত ইংৰাজী ভাষাৰ গ্ৰন্থকেইখনিৰ বাবে আৰু বিশিষ্ট সমাজকর্মী হিচাপে এই সম্মানেৰে গোস্বামীক বিভূষিত কৰা হয়। উক্ত সম্মান প্রদান কৰে চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেতা তথা এফ টি আই আইৰ প্ৰাক্তন অধ্যক্ষ গজেন্দ্র চৌহানে।

দিল্লী