কাইলৈৰ পৰা আৰম্ভ লোক সংস্কৃতিৰ বাহক ফাটবিহু…

বৰ অসমৰ বুকুৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত সমুজ্জল হৈ জিলিকি ৰোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক ফাটবিহু । ঢকুৱাখনাৰ একক এই লোক উৎসৱ ফাটবিহুৰ শতিকা গৰকা পৰম্পৰা অব্যাহত ৰাখি শুক্ৰবাৰৰ পৰা শুভাৰম্ভ হ’ব ২০২৫ বর্ষৰ এই স্বৰ্ণিল লোক উৎসৱ । 

author-image
Asomiya Pratidin
New Update
কাইলৈৰ পৰা আৰম্ভ লোক সংস্কৃতিৰ বাহক ফাটবিহু

কাইলৈৰ পৰা আৰম্ভ লোক সংস্কৃতিৰ বাহক ফাটবিহু

ডিজিটেল সংবাদ, ঢকুৱাখনা : বৰ অসমৰ বুকুৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত সমুজ্জল হৈ জিলিকি ৰোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক ফাটবিহু । ঢকুৱাখনাৰ একক এই লোক উৎসৱ ফাটবিহুৰ শতিকা গৰকা পৰম্পৰা অব্যাহত ৰাখি শুক্ৰবাৰৰ পৰা শুভাৰম্ভ হ’ব ২০২৫ বর্ষৰ এই স্বৰ্ণিল লোক উৎসৱ । 

Advertisment

ঢকুৱাখনাৰ স্বাভিমানৰ প্ৰতীক চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ ঐতিহ্যমণ্ডিত ম’হঘুলী চাপৰিৰ বিহু বাকৰিত শুক্ৰবাৰৰ পৰা শুভাৰম্ভ হ’ব এই স্বৰ্ণিল মহোৎসৱ । ৯, ১০আৰু ১১ মে’ত তিনিদিন ধৰি অব্যাহত থাকিব লগীয়া এই লোক উৎসৱৰ উপলক্ষত চাৰিকড়ীয়াপাৰৰ ম’হঘুলী চাপৰি সাজি কাচি সাজু হৈছে সংস্কৃতিপ্ৰেমীক আদৰিবলৈ । 

বিহু বাকৰিৰ প্ৰাকৃতিক পৰিৱেশ প্ৰাণোচ্ছল হৈ পৰিছে । কাইলৈ পুৱা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হ’বলগীয়া তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা মঞ্চ মুকলি কৰিব অৱসৰী শিক্ষাবিদ ভোলানাথ গগৈয়ে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰবীণ বিহুৱতী দিব্য ফুকনে । 

বিয়লি চেমনীয়া বিহু উদ্বোধন কৰিব প্ৰাক্তন শ্ৰেষ্ঠ বিহুৱা গোলাপ দাসে । ফাটবিহুৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী শুভাৰম্ভ হ’ব চিকিৎসা বিষয়া ডাঃ অতুল খাউণ্ডৰ বিহু বাকৰিৰ গছ বিৰিষত কপৌফুল ৰোপণ আৰু বাকৰিত গছপুলি ৰোপনেৰে। 

ইয়াৰ পাছতে অনুষ্ঠিত হ’ব থলুৱা শিপিনীসকলৰ মাজত গামোচা প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত অনুষ্ঠিত হ’ব সকলো জাতি জনগোষ্ঠীৰ স্বকীয় পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা । ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ "বিহুৱান-২০২৫" দ্বিতীয় দিনা বিয়লি উন্মোচন কৰা হ’ব ।

উন্মোচক হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রাধ্যাপক ,প্ৰবীণ সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকা । ফাটবিহুৰ অন্তিম দিনাৰ পুৱা ফাটবিহু বাকৰিৰ পৰা উলিওৱা হ’ব বৰ্ণিল সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধ সাংস্কৃতিক শোভাযাত্ৰা । 

অভিনেত্ৰী -নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে উদ্ধোধন কৰিব লগা এই শোভাযাত্ৰাৰ পাছতে ফাটবিহুৰ মুখ্য বৈশিষ্ট বিশিষ্ট মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । বিহু বাকৰিৰ প্ৰাকৃতিক পৰিবেশৰ উন্মুক্ত বাকৰিত অনুষ্ঠিত হ’ব লগা এই মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব ঘিলামৰাৰ জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে । 

পৰৱৰ্তী সময়ত অনুষ্ঠিত হ’ব মুকলি সভা । ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা , বিশিষ্ট অতিথি হিচাপে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি , প্ৰশাসনীয় আমোলা বিষয়া উপস্থিত থকাৰ সম্ভাৱনা আছে ।

dhakuakhana