বিশ্বৰ ফাৰ্মা খণ্ডত ভাৰতৰ দপদপনি...

তথ্য-প্ৰযুক্তিৰ বিকাশৰ সমান্তৰালভাৱে দেশৰ বাণিজ্য ক্ষেত্ৰখনলৈও আহিছে আমূল পৰিৱৰ্তন। শেহতীয়াকৈ এক তথ্যত পোহৰলৈ আহিছে যে,  ফাৰ্মা খণ্ডত ৰপ্তানিৰ পৰিমাণ ব্যাপকভাৱে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2025-07-02 at 12.40.22 PM

ডিজিটেল ডেস্কঃ তথ্য-প্ৰযুক্তিৰ বিকাশৰ সমান্তৰালভাৱে দেশৰ বাণিজ্য ক্ষেত্ৰখনলৈও আহিছে আমূল পৰিৱৰ্তন। শেহতীয়াকৈ এক তথ্যত পোহৰলৈ আহিছে যে,  ফাৰ্মা খণ্ডত ৰপ্তানিৰ পৰিমাণ ব্যাপকভাৱে বৃদ্ধি পাইছে।

Advertisment

চৰকাৰৰ ফাৰ্মাচিউটিকেলছ এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিল অৱ ইণ্ডিয়াই (ফাৰ্মেক্সচিলে) মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিল-মে’ মাহত ভাৰতৰ ঔষধ ৰপ্তানিৰ পৰিমাণ হৈছে  ৪.৯ বিলিয়ন ডলাৰ।

যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ইয়াৰ দ্বাৰা ৭.৩৮% শক্তিশালী সম্প্ৰসাৰণ ঘটিছে, যিয়ে উদ্যোগটোৰ অবিৰত উৰ্ধমুখী ধাৰা আৰু বিশ্বজুৰি ইয়াৰ মূল ভূমিকাক উজ্জ্বল কৰি তুলিছে। বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ ফাৰ্মেক্সিলে এই গতিৰ কাৰণ বহনক্ষম উৎপাদন, সম্প্ৰসাৰিত বিশ্ব বজাৰত উপস্থিতি, আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়াক সুশৃংখলিত কৰাৰ লক্ষ্যৰে ডিজিটেল উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা কৌশলগত পদক্ষেপ বুলি কয়। 

ভাৰতৰ ফাৰ্মা ৰপ্তানিৰ মেৰুদণ্ড হৈয়েই আছে প্ৰস্তুতি আৰু জৈৱিক পদাৰ্থ, মুঠ ৰপ্তানিৰ ৭৫.৭৪% । বাল্ক ড্ৰাগছ আৰু ড্ৰাগ ইণ্টাৰমিডিয়েটসমূহেও সুস্থ বৃদ্ধি লাভ কৰি ২০২৫-২৬ চনৰ মে’ মাহত ৪.৪০% বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে ভেকচিনৰ ৰপ্তানি ১৩.৬৪% যথেষ্ট বৃদ্ধি পাই ১৯০.১৩ মিলিয়ন ডলাৰ হৈছেগৈ, যিয়ে বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আন আন মূল খণ্ডসমূহ আছিল অস্ত্ৰোপচাৰৰ সামগ্ৰী (৮.৫৮% বৃদ্ধি) আৰু আয়ুষ এণ্ড হাৰ্বালছৰ সামগ্ৰী (৭.৩৬% বৃদ্ধি)।

বিশ্ব অৰ্থনীতি