প্ৰৱীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

বাৰ্ধক্যজনিত কাৰণত প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থকা পাছত ৯৪ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট সাংবাদিক গৰাকীৰ। তেওঁৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।

New Update
1

ডিজিটেল ডেস্কঃ  বিশিষ্ট সাংবাদিক, পদ্মশ্ৰী বঁটা বিজয়ী তথা দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান। গুৱাহাটীৰ এপ'লো হাস্পতালত নিশা প্ৰায় ৯.৪০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 

প্ৰাপ্ত খবৰ অনুসৰি, বাৰ্ধক্যজনিত কাৰণত প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থকা পাছত ৯৪ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট সাংবাদিক গৰাকীৰ। তেওঁৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, সোমবাৰে প্ৰয়াত বৰুৱাৰ নশ্বৰ দেহত গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰা পাছতে তেওঁৰঅন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। উল্লেখ্য যে, ১৯৩২ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বৰুৱাই দীৰ্ঘ আৰু বৰ্ণিল জীৱনকালত অসমীয়া সংবাদ মাধ্যমৰ ভেঁটি সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ বিকাশৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল ।

তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱত প্ৰফুল্ল গোবিন্দ বৰুৱাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।

সাংবাদিক জ্যেষ্ঠ সাংবাদিক দ্যা আছাম ট্ৰিবিউন