আৰক্ষীত থাকি দেশবিৰোধী কাৰ্যকলাপ ! ৮৭০ ৰো অধিক আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা...

পি এফ আইক সহযোগ কৰি আহিছে এই আৰক্ষী বিষয়া, কৰ্মচাৰীয়ে..
KERALA
KERALA

ডিজিটেল ডেস্কঃ কেইদিনমান পূৰ্বে ৰাষ্ট্ৰীয় তন্দন্তকাৰী সংস্থা, প্ৰৱৰ্তন সঞ্চালয়কালয়কে ধৰি বিভিন্ন ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ সহযোগত অভিযান চলাই পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পি এফ আই শতাধিক নেতা, কৰ্মীক আটক কৰাৰ পিছতে সংগঠনটোৱে দেশ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছিল। ইয়াৰ পিছতে কেন্দ্ৰীয় চচৰকাৰে পি এফ আইক ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে।

কেৰেলাত মুখ্য কাৰ্যালয় স্থাপন কৰি সাংগঠনিক কাম-কাজৰ লগতে সমাজ আৰু দেশৰ বিৰুদ্ধে বিভিন্ন কৌশল ৰচনা কৰা পি এফ আইৰ বিৰুদ্ধে পূৰ্বৰে আছিল বহু অভিযোগ। শেহতীয়াকৈ পি এফ আইৰ সৈতে জড়িত আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা পি এফ আইক সহায় কৰি আহিছে খোদ আৰক্ষীয়ে। তথ্য অনুসৰি কেৰালাৰ অতি কমেও ৮৭৩ গৰাকী আৰক্ষীৰ কৰ্মী পি এফ আইৰ সৈতে জড়িত হৈ আছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই কেৰালাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ আগত এই বিষয়ে প্ৰতিবেদন দাখিল কৰিছে।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এই তথ্যৰ পিছতে এতিয়া কেৰালা আৰক্ষীৰ উপ-পৰিদৰ্শক, ষ্টেচন হেড অফিচাৰ চমুকৈ এছ এইছ অ’  পদবীৰ বিষয়াৰ লগতে ৰাজ্যখনৰ অসামৰকিক আৰক্ষী কৰ্মীসকল তদন্তকাৰী সংস্থাৰ নিৰীক্ষণৰ অধীনত আছে। তেওঁলোকেৰ বেংক একাউণ্টৰ বিৱৰণ আৰু লেনদেন তদন্তকাৰী সংস্থাই সংগ্ৰহ কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি তদন্তকাৰী সংস্থাই যি প্ৰতিবেদন দাখিল কৰিছে তাত ৰাজ্যখনৰ আৰক্ষীৰ বিশেষ শাষা, চোৰাংচোৱা বিভাগ, আইন-শৃংখলা শাখাৰ সৈতে জড়িত কৰ্চমাৰী আৰু কেৰালাৰ আৰক্ষী বিষয়া কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ বিষয়ে অন্তৰ্ভুক্ত আছে। এই বিষয়া, কৰ্মচাৰীসকলে পি এফ আইৰ বিৰুদ্ধে চলোৱা তদন্তৰ সময়ত আৰু অন্যান্য সময়ত আগতীয়াকৈ বিভিন্ন অভিযানৰ বিষয়ে পি এফ আইক জনাই আহিছিল।

উল্লেখ্য যে যোৱা ২২ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ দেশজুৰি পি এফ আই আৰু ইয়াৰ সহযোগী সংগঠনসমূহৰ বিৰুদ্ধে নিয়া, ই ডি আৰু ৰাজ্যিক আৰক্ষীয়ে অভিযান চলাইছিল। এই অভিযানত মাত্ৰ দুদিনতে আটক কৰা হৈছিল ২৭৮ জনক।

পি এফ আইৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ বিৰুদ্ধে বিভিন্ন স্থানত আকৌ প্ৰতিবাদো সাব্যস্ত হৈছিল। বিশেষকৈ কেৰালাত পি এফ আইৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিৰুদ্ধে ৰাজপথৰ লগতে আদালত চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল। য’ত ভাৰত বিৰোধী শ্ল’গান মুকলিকৈ আওৰাইছিল।

যোৱা ২৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইক ৫ বছৰৰ বাবে নিষিদ্ধ কৰে। পি এফ আইৰ উপৰিও আৰু ৮ টা সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ সকলোৰে বিৰুদ্ধে সন্ত্ৰাসবাদী সম্পৰ্কৰ প্ৰমাণ পোৱা গৈছে।

কেন্দ্ৰীয় চৰকাৰে ইউ এ পিএৰ অধীনত এই পদক্ষেপ (বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন) গ্ৰহণ কৰিছে। পি এফ আইৰ সৈতে সম্পৰ্কিত এই সংগঠনবোৰ হৈছে- ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন (আৰ আই এফ), কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া (চি এফ আই), সৰ্বভাৰতীয় ইমাম পৰিষদ (এ আই আই চি), নেচনেল কনফেডাৰেচন অফ হিউমেন ৰাইটছ অৰ্গেনাইজেচন (এন চি আৰ অ’), ৰাষ্ট্ৰীয় মহিলা সন্মুখ, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in