/asomiyapratidin/media/media_files/2025/04/07/y2tt6QeN5NNekTiXOGBu.jpg)
পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য
ডিজিটেল ডেস্ক: ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত ২ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হ'ব। সোমবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিশ্বজুৰি তেলৰ মূল্য আৰু ট্ৰাম্পৰ শুল্কত চলি থকা উঠা-নমাৰ মাজতে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ সংগ্ৰহ বৃদ্ধি পাব। মাজনিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।
অৱশ্যে, এই নিৰ্দেশৰ প্ৰভাৱ খুচুৰা মূল্যত কেনেধৰনে আৰু কেতিয়া পৰিব সেই কথা উল্লেখ কৰা হোৱা নাই, তথাপিও ভাৰতীয় গ্ৰাহকৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি তেল মন্ত্ৰালয়ে নিশ্চিত কৰিছে। শেহতীয়াকৈ আবকাৰী শুল্ক বৃদ্ধিৰ ফলত শেহতীয়াকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ বাবে ভাৰসাম্য ৰক্ষাৰ সম্ভাৱনা আছে।