প্ৰকাশ পালে পেট্ৰ’ল- ডিজেলৰ নতুন নিৰিখ : কোন চহৰত কিমান মূল্য, জানক সবিশেষ...

প্ৰকাশ পালে পেট্ৰল- ডিজেলৰ নতুন নিৰিখ। মঙলবাৰে পুৱা ৬-০০ বজাত দেশৰ চৰকাৰী তেল কোম্পানীসমূহে প্ৰকাশ কৰিছে পেট্ৰ’ল- ডিজেলৰ নতুন নিৰিখ। 

author-image
Asomiya Pratidin
New Update
Petrol, Diesel Fresh Prices Announced

Petrol, Diesel Fresh Prices Announced

ডিজিটেল ডেস্ক : প্ৰকাশ পালে পেট্ৰল- ডিজেলৰ নতুন নিৰিখ। মঙলবাৰে পুৱা ৬-০০ বজাত দেশৰ চৰকাৰী তেল কোম্পানীসমূহে প্ৰকাশ কৰিছে পেট্ৰ’ল- ডিজেলৰ নতুন নিৰিখ। 

Advertisment

এই অনুসৰি দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল- ডিজেলৰ মূল্যৰ পৰিৱৰ্তন ঘটিছে। দিল্লী, নয়ডা, কলকাতা আদিৰ দৰে চহৰত পেট্ৰ’ল- ডিজেলৰ মূল্যৰ তাৰতম্য ঘটিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশত প্ৰায়েই পেট্ৰল আৰু ডিজেলৰ মূল্যৰ পৰিৱৰ্তন হয়। যাৰ বাবে কোনো ঠাইত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পায় আৰু কোনো ঠাইত বৃদ্ধি পায়। 

১১ ফেব্ৰুৱাৰী ২০২৪ৰ তথ্য অনুসৰি দেশৰ কেইবাখনো চহৰত পেট্ৰ’ল- ডিজেলৰ নতুন নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰতিলিটাৰ হিচাপত সেয়া তলত উল্লেখ কৰা হ’ল- 

  • গুৱাহাটী পেট্ৰ’লৰ মূল্য ৯৮. ২৪ টকা আৰু ডিজেলৰ মূল্য ৮৯.৪৬ টকা।
  • দিল্লীত পেট্ৰ’লৰ মূল্য ৯৪.৭২ টকা আৰু ডিজেলৰ মূল্য ৮৭.৬২ টকা।
  • মুম্বাইত পেট্ৰ’লৰ মূল্য ১০৩.৪৪ টকা আৰু ডিজেলৰ মূল্য ৮৯.৯৭ টকা।
  • কলকাতাত পেট্ৰ’লৰ মূল্য ১০৪.৯৫ টকা আৰু ডিজেলৰ মূল্য ৯১.৭৬ টকা।
  • চেন্নাইত পেট্ৰ’লৰ মূল্য ১০০.৭৬ টকা আৰু ডিজেলৰ মূল্য ৯২.৩৫ টকা।
  • নয়ডাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৪.৯৮ টকা আৰু ডিজেলৰ মূল্য ৮৮.১৩ টকা।
  • বেংগালুৰুত পেট্ৰ’লৰ মূল্য ১০২.৮৬ টকা আৰু ডিজেলৰ মূল্য ৮৮.৯৪ টকা।
  • গুৰুগ্ৰামত পেট্ৰ’লৰ মূল্য ৯৪.৮৭ টকা আৰু ডিজেলৰ মূল্য ৮৭.৭৩ টকা।
  • লক্ষ্ণৌত পেট্ৰ’লৰ দাম ৯৪.৬৫ টকা আৰু ডিজেলৰ মূল্য ৮৭.৭৬ টকা।
  • হায়দৰাবাদত পেট্ৰ’লৰ দাম ১০৭.৪১ টকা আৰু ডিজেলৰ মূল্য ৯৫.৬৫ টকা।
  • চণ্ডীগড়ত পেট্ৰ’লৰ মূল্য ৯৪.২৪ টকা আৰু ডিজেলৰ মূল্য ৮২.৪০ টকা।
  • জয়পুৰত পেট্ৰ’লৰ মূল্য ১০৪.৯১ টকা আৰু ডিজেলৰ মূল্য ৯০.২১ টকা।
  • পাটনাত পেট্ৰ’লৰ দাম ১০৫.৫৮ টকা আৰু ডিজেলৰ মূল্য ৯২.৪২ টকা।

উল্লেখযোগ্য যে এছ এম এছৰ জৰিয়তেও আপুনি পেট্ৰ’ল আৰু ডিজেলৰ শেহতীয়া মূল্য জানিব পাৰিব। তাৰ বাবে আপুনি আৰ এছ পিৰ সৈতে চিটি ক’ড লিখি ৯২২৪৯৯২২৪৯ নম্বৰত পঠিয়াব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ ঘৰত মেছেজৰ জৰিয়তে আপোনাৰ চহৰত বৰ্তমানৰ ইন্ধনৰ মূল্যৰ তথ্য লাভ কৰিব।

diesel price Petrol Price Hike diesel petrol petrol pump