বৃদ্ধাক আক্ৰমণ কৰি পলায়ন কৰা সুৰজিৎ দে’ক পশ্চিম বংগত গ্ৰেপ্তাৰ

আৰক্ষীয়ে সুৰজিৎ দে'ক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল। অৱশেষত প্ৰায় ডেৰ মাহৰ অন্তত নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত পশ্চিম বংগৰ ভালিচৰ আৰক্ষী থানাৰ এলেকাৰ পৰা সুৰজিৎ দে'ক সোমবাৰে গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, নগাঁও:  এগৰাকী বৃদ্ধা মহিলাক আক্ৰমণ কৰি পলাতক অৱস্থাত থকা নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিৰ এখন বাৰৰ  স্বত্বাধিকাৰী সুৰজিৎ দে'ক নগাঁও আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে চলিত বৰ্ষৰ ১নৱেম্বৰৰ নিশা ডিমৰুগুৰিৰ গ্ৰীণলেণ্ড নামৰ বাৰখনৰ স্বত্বাধিকাৰী সুৰজিৎ দে'ই দুগৰাকী মহিলাৰ সহযোগত দুলু দাস নামৰ ৬৫ বছৰীয়া মহিলা গৰাকীক মাৰধৰ কৰি গুৰুতৰভাবে আহত কৰিছিল। ফলত মহিলা গৰাকী চিকিৎসাধীন হ'ব লগা হৈছিল।

Advertisment

এই সন্দৰ্ভত মহিলা গৰাকীৰ পৰিয়ালে নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাই ১০৩৬/২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল। আৰক্ষীয়ে এই সন্দৰ্ভত বৃদ্ধা মহিলা গৰাকীক আক্ৰমণৰ লগত জড়িত থকা দুই মহিলা গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।  

উল্লেখযেোগ্য যে দুয়োগৰাকী মহিলাই ইতিমধ্যে জামিন লাভ কৰিছে বুলি নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উল্লেখ কৰে । বৃদ্ধা মহিলা গৰাকীক আক্ৰমণ কৰা ঘটনাৰ মুল অভিযুক্ত সুৰজিৎ দে' ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল।

আৰক্ষীয়ে সুৰজিৎ দে'ক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল। অৱশেষত প্ৰায় ডেৰ মাহৰ অন্তত নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত পশ্চিম বংগৰ ভালিচৰ আৰক্ষী থানাৰ এলেকাৰ পৰা সুৰজিৎ দে'ক সোমবাৰে গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনে।

সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত সুৰজিৎ দে'ক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে সুৰজিৎ দে'ই নিজৰ বাৰখনৰ আৱৰ্জনা আদিৰ লগতে অপৰিস্কাৰ পানী বাৰখনৰ কাষতে থকা দুলু দাসৰ ঘৰৰ চৌহদত পেলাই আহিছিল। ইয়াক লৈ মহিলা গৰাকীৰ লগত সুৰজিৎ দে'ৰ লগত সংঘাত চলি আছিল।

বিভিন্ন সময়ত মহিলা গৰাকীয়ে নগাঁৱৰ ইটাচালি আৰক্ষী চকীত অভিযোগ দি আহিছিল যদিও আৰক্ষীয়ে সঠিক পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অপৰাধ