Advertisment

চলন্ত অৱস্থাতে দপদপকৈ জ্বলি উঠিল ৱাগনাৰ, গাড়ীসহ ভস্মীভূত দৰা...

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে  অগ্নিদ্বগ্ধ হৈ প্ৰায় সমষ্ট দেহ ভস্মীভূত হোৱা অনিলৰ দেহৰ অৱশিষ্ট অংশ  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও দুৰ্ঘটনা আৰু অগ্নিকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  নিজৰ বিয়াৰ নিমন্ত্ৰণ জনাবলৈ গৈ থকা অৱস্থাত  দুৰ্ঘটনাত পতিত হৈ দৰাৰ শোকাৱহ মৃত্যু হোৱা এক ঘটনাই দৰা-কইনা উভয় পক্ষৰ পৰিয়ালৰ লোকৰ মাজত শোকাকুল পৰিয়ালৰ সৃষ্টি কৰিছে । সমাগত ভেলেণ্টাইন ডে'ক উপলক্ষ কৰি দৰা-কইনাৰ ইচ্ছানুসৰি দুয়োটা পৰিয়ালে চলাইছিল বিয়াৰ প্ৰস্তুতি ।

Advertisment

প্ৰেমজনিত এই বিয়াক লৈ দুয়োটা পৰিয়ালৰ মাজত আছিল অতি উচাহ । কিন্তু নিয়তিয়ে যেন এয়া মানি লোৱা নাছিল । সেয়েহে দুয়োটা পৰিয়ালৰ বাবে শনিবাৰৰ দিনটো অভিশাপ হৈ নামি আহিছিল । কিয়নো উৎসাহৰে নিজৰ গাড়ী চলাই আত্মীয়-স্বজনক নিমন্ত্ৰণ জনাই ফুৰা সময়তে ৰাজপথত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় দৰাৰ গাড়ীখন । লগে লগে  সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় বাহনখন আৰু থিতাতে মৃত্যু ঘটে অনিল নামৰ দৰাজন ।

শোকাৱহ এই ঘটনা নয়ডাত সংঘটিত হয় শনিবাৰে নিশা। ঘটনাৰ খবৰ পোৱাৰ লগে লগে নাৱাডাৰ নিবাসী অনিলৰ পৰিয়ালৰ লগতে তেওঁৰ কইনাৰ পৰিয়ালতো হুৱা-দুৱা লাগে । ইতিপূৰ্বে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে  অগ্নিদ্বগ্ধ হৈ প্ৰায় সমষ্ট দেহ ভস্মীভূত হোৱা অনিলৰ দেহৰ অৱশিষ্ট অংশ  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও দুৰ্ঘটনা আৰু অগ্নিকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে অনিলে চলাই যোৱা গাড়ীখন হঠাতে যান্ত্ৰিক বিজুতিৰ ফলত পথৰ ওপৰতে দাউ-দাউকৈ জ্বলি উঠে । সেয়েহে আকস্মিক অগ্নিকাণ্ডক লৈ ৰাইজৰ লগতে প্ৰশাসনো সন্দীহান হৈ পৰিছে । প্ৰখ্যাত মাৰুতি কোম্পানীৰ ৱাগনাৰ গাড়ীখন চলন্ত অৱস্থাত এনেকৈ কিদৰে জ্বলি উঠিব পাৰে সেই লৈয়ো বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে । 

পথ দু্ৰ্ঘটনা