/asomiyapratidin/media/media_files/2025/01/14/QmcndLIvnMWGX4sfdLzu.jpg)
িি Photograph: (ি)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত বছৰৰ দৰে এইবাৰো মকৰ সংক্ৰন্তিৰ দিনা অসম-অৰুণচল প্ৰদেশৰ লিকাবালিৰ আকাশী গংগাত তীৰ্থ যাত্ৰীৰ ব্যাপক সমাগম দেখা গ'ল। অসম-অৰুণাচল প্ৰদেশৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থ যাত্ৰীৰ লগতে দেখা গ'ল অজস্ৰ সাধু সন্ত। শিশুৰ পৰা বয়স্ক লোকলৈকে আকাশীগংগাত পূণ্যস্নান কৰি ধন্য হ'বলৈ কৰিছে কষ্টকৰ যাত্ৰা।
চিলাপথাৰ-আলং সীমান্ত পথেৰে ১৫ কিলোমিটাৰ যাত্ৰা কৰিলেই পোৱা যায় এই মনোমোহা জলপ্ৰপাত। সীমান্ত পথৰ কাষত অৱস্থিত শিৱ মন্দিৰৰ পৰা নিম্নগামী ৮৮৫ টা খটখাটিৰে গলেই পোৱা যাব এই নিৰ্মল জলধাৰা। মা মালিনী থানটো দেখা গ'ল ভক্তৰে বিৰ দি বাট নোপোৱা অৱস্থা।
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ এই অঞ্চলৰ দুখন থিয় পহাৰৰ পৰা বৈ অহা জলপ্রাপাতটো যুগ যুগৰ পৰা আকাশীগংগা নামেৰে পৰিচিত হৈ আহিছে। কথিত আছে দ্বাপৰ কালতেই মা মালিনীয়ে ভগৱান শ্ৰীকৃষ্ণ আৰু নৱ বধূ ৰুক্মিণীৰ স্নানৰ বাবে এই জলপ্ৰপাতটো নিৰ্মাণ কৰিছিল।
জন বিশ্বাস মতে এই জলধাৰাত স্নান কৰিলে জীৱন কালত অৰ্জীত জ্ঞাত অজ্ঞাত সকলো পাপ মোচন হয় আৰু লাভ কৰে পূণ্য।