ঢকুৱাখনাত ৰাজনীতিকৰ প্ৰৱেশ নিষেধেৰে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

ভুক্তভোগী নাগৰিকৰ জীয়া যন্ত্ৰনা দেখিও গুৰুত্ব আৰোপ নকৰি চূড়ান্ত বেপোৰোৱা ভূমিকা পালি অহা বিধায়ক নৱ দলে , সমজিলা প্ৰশাসক, গ্ৰামোন্নয়ন বিভাগৰ এনে উদাসীন স্থিতিৰ সমজুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰ ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে

author-image
Asomiya Pratidin
New Update
ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ভণ্ড জনপ্ৰতিনিধিৰ অকৰ্মণ্যতা, সোপাঢিলা প্ৰশাসকৰ দায়িত্বহীনতাৰ বিৰুদ্ধে গুজৰি উঠিছে এইবাৰ প্ৰজা । উন্নয়ন বিকাশৰ নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতিক ধোঁৱাচাঙত তুলি ৰজাঘৰীয়াই কৰি অহা প্ৰতাৰণা - প্ৰবঞ্চনাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰি ঢকুৱাখনা সমজিলাৰ এখন গাঁৱৰ ৰাইজে ভোট ভিক্ষাৰী ৰাজনৈতিক দল আৰু নেতা- পালিনেতাৰ প্ৰৱেশ পৰ্যন্ত নিষিদ্ধ কৰি দিছে । 

Advertisment

ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰজুল গহৰাণী গাঁৱত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে গঞাৰ দ্বাৰা । আধুনিক ঢকুৱাখনাৰ নিৰ্মাণৰ ফুটনি মাৰি অহা বিধায়ক নৱ দলে আৰু গেৰুৱা বাহিনীৰ লগতে ঢকুৱাখনা সমজিলা প্ৰশাসনৰ দায়িত্বহীনতাৰ ফোঁপোলা স্বৰূপ উদঙাই গাঁওখনৰ সৰ্বত্ৰ বিৰাজমান অনুন্নয়ন আৰু অভাৱ সমস্যাৰ বাস্তৱ প্ৰতিচ্ছবি । 

মৰনৈ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৩১ টা চহা পৰিয়াল বিশিষ্ট এইখন গাঁৱৰ মেৰুদণ্ড স্বৰূপ গ্ৰাম্য পথটোৰ জৰাজীৰ্ণ, বিধ্বস্তময় আৰু মৰণফাণ্ড সদৃশ অৱস্থা দূৰীকৰণত বিগত ৫বছৰে  বিধায়ক নৱ দলে, ঘিলামৰা গ্ৰামোন্নয়ন বিভাগ আৰু ঢকুৱাখনা সমজিলা প্ৰশাসনে একো ভূমিকা গ্ৰহণ নকৰিলে। এটা উন্নত আৰু নিৰাপদ পথ বিচাৰি গাঁওখনৰ ভুক্তভোগী নাগৰিকে বাৰম্বাৰ ঢকুৱাখনা সমজিলা প্ৰশাসন, ঘিলামৰা উন্নয়ন খণ্ড, বিধায়ক নৱ দলে আৰু পঞ্চায়ত সভাপতি, সচিব সকলোকে আবেদন জনাই আহিছিল । 

পিছে এইসকল নিষ্কৰ্মা অন্ধমুনিৰ মৰটোপনি নাভাগিল । গাঁৱখনৰ শতাধিক নাগৰিকে দৈনিক যাতায়ত কৰা পথটোৰ লগতে চামপৰা বলাহী নদীৰ ওপৰৰ দলংখন শক্তিশালীভাৱে গঢ়ি নিদিলে ।  পৰিণতিত শ্ৰমজীৱী ৰাইজে প্ৰতি বছৰে নিজা সঞ্চিত পুঁজি ব্যয়ৰে প্ৰায় ১০০মিটাৰ দীঘল বাঁহৰ দলং নিৰ্মাণ কৰি আৰু জৰাজীৰ্ণ পথৰ শ্ৰমদানেৰে মেৰামতি কৰি মৰণত শৰণ দি যাতায়ত অব্যাহত ৰাখি আহিছে । 

ঢকুৱাখনাত ৰাজনীতিকৰ প্ৰৱেশ নিষেধেৰে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

ভুক্তভোগী নাগৰিকৰ জীয়া যন্ত্ৰনা দেখিও গুৰুত্ব আৰোপ নকৰি চূড়ান্ত বেপোৰোৱা ভূমিকা পালি অহা বিধায়ক নৱ দলে , সমজিলা প্ৰশাসক, গ্ৰামোন্নয়ন বিভাগৰ এনে উদাসীন স্থিতিৰ সমজুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰ ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে । সমাগত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ লগতে গেৰুৱা দলৰ বিধায়ক, নেতা পালিনেতা আৰু অন্য ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ গাঁওখনত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে গঞা ৰাইজে । 

ৰাইজ একত্ৰিত হৈ নৱ দলেৰ তথাকথিত আধুনিক ঢকুৱাখনাৰ উলংগ স্বৰূপ উন্মোচিত কৰি অহা চামপৰা বলাহী দলঙৰ সন্মুখত আৰু গাঁৱৰ দুই মূৰত  বেনাৰ লগাই মূল যোগাযোগৰ পথ নিৰ্মান আৰু দলং পকীকৰণ নকৰা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ লগতে সকলো নিৰ্বাচন বৰ্জন কৰাৰ ঘোষণা সদৰী কৰিছে । 

তাৰোপৰি সকলো ৰাজনীতিক দলৰ প্ৰতিনিধিৰ প্ৰৱেশ পৰ্যন্ত নিষিদ্ধ কৰি পঞ্জীভূত ক্ষোভ উজাৰিছে । ৰাইজে অভিযোগ কৰা মতে বিধায়ক নৱ দলেয়ে গেৰুৱা দলৰ নেতা পালি নেতাসহ নিজে হৰিমন্দিৰত উপস্থিত হৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিল পথ- দলং নিৰ্মাণৰ । কিন্তু পৰৱৰ্তী সময়ত প্ৰতিশ্ৰুতি দি পাহৰিলে বিধায়কজনে । 

বিধায়কজনৰ এনে প্ৰতাৰণা প্ৰৱঞ্চনাক একেমুখে ধিক্কাৰ দি অনিৰ্দিষ্ট কাললৈ এই প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি সকীয়াই দিয়ে । তাৰোপৰি যদি গাঁৱখনৰ কোনো ব্যক্তিয়ে ৰাজহুৱা ভোট বর্জনৰ সিদ্ধান্ত উলংঘা কৰি ভোটদান কৰে তেন্তে সৰ্বোচ্চ ৫০ হাজাৰ টকা পৰ্য্যন্ত জৰিমনা বিহাৰো সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা বুলি ব্যক্ত কৰে ভুক্তভোগী ৰাইজে।

ঢকুৱাখনা