/asomiyapratidin/media/media_files/2024/11/28/qiC8cxbD3kMgTabViUmH.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : বন আৰু আৰক্ষীক মেনেজ কৰি থানা আৰু বিট অফিচৰ নাকৰ সন্মুখৰে ৰাষ্ট্ৰীয় ঘাইপথৰে বিনাদ্বিধাই সৰবৰাহ কৰা এখন চোৰাং কাঠভৰ্তি টাটা ডি আই বাহন বৃহস্পতিবাৰে নিশা কলিয়াবৰ উলুৱনি গাঁৱৰ ৰাইজে জব্দ কৰি বন বিভাগক চমজাই দিয়ে। এ এছ ১২ চি চি ১২৮২ নম্বৰৰ মূল্যাবান কাঠভৰ্তি গাড়ীখনত আনুমানিক ৫০ হাজাৰ টকাৰ কাঠ আছে বুলি জানিবলৈ দিয়ে বন বিভাগে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ডস্বৰূপ কাৰ্বি পাহাৰৰ দিশৰ পৰা সৰবৰাহ কৰা কাঠভৰ্তি গাড়ীখন জব্দ কৰাৰ সময়ত বাহনখনৰ চালক আৰু হেণ্ডমেন পলাই সাৰিবলৈ সক্ষম হয় ৷ উক্ত গোপন বেহাত কুঁৱৰীটোলৰ নুৰ আলি নামৰ কাঠ ব্যৱসায়ীজন জড়িত আছে বুলি গোপন সূত্ৰে জানিব পৰা গৈছে ৷
উল্লেখ যোগ্য যে সুদীৰ্ঘ বছৰ ধৰি কাজিৰঙাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি কাৰ্বি পাহাৰত একাংশ বন মাফিয়াই বন আৰু আৰক্ষীৰ সহযোগত বনজ সম্পদ ধ্বংস কৰাত হাত উজান দি আহিছে ৷ ইয়াৰোপৰি চৰকাৰী ছত্ৰছায়াত গঢ় লৈ উঠা ছিণ্ডিকেটৰাজেও এই কাৰ্বি পাহাৰত বনজ সম্পদ কাটি খাচতাং কৰাৰ গুৰুত্বৰ অৱদান আগবঢ়াই আহিছে।
/asomiyapratidin/media/media_files/2024/11/28/S0p5zvnSuazGExtRjqXU.jpg)
বাৰিষা আগমনৰ লগে লগে এই দুষ্কাৰ্য বন্ধ হয়, যদিও খৰালিৰ লগে লগে আৰম্ভ হয় কাৰ্বি পাহাৰ ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা । সামন্তৰালকৈ কাৰ্বি পাহাৰৰ পৰা অবৈধ কাঠ সৰবৰাহৰ বাবে সম্প্ৰতি টঙালি বান্ধিছে কেওবাটিও চোৰাং কাঠ ব্যৱসায়ীৰ দলে ৷
সাজু কৰি তোলা হৈছে কাঠ সৰবৰাহ কৰা মিনি ট্ৰাকসমূহ। এতিয়া ভাগে ভাগে, ঠায়ে ঠায়ে আৰম্ভ হৈছে কাঠ ব্যৱসায়ীক চক্ৰৰ মিটিং । কিনা-বেচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰক্ষী-বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ মাজত ৷
এফালে ৰাজ্যক চৰকাৰে বৃহৎ গছপুলি ৰোপনৰ অভিযানৰ জৰিয়তে ধৰণীখনক সেউজীয়া কৰি ৰখাৰ প্ৰয়াস কৰাৰ বিপৰীতে চৰকাৰী পক্ষৰ একাংশই বনাঞ্চল ধ্বংস কৰাত হাত উজান দি চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে গোপন বুজাবুজি কৰা প্ৰসংগই প্ৰকৃতিপ্ৰেমী মহলক উদ্বিগ্ন কৰি তুলিছে ৷ এতিয়া প্ৰশ্ন হ’ল- মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us