পৰ্বতঝোৰা বাশবাৰীত আদানী গ্রুপক ভূমি প্ৰদানৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাশবাৰীত তাপশক্তি প্রকল্প নিৰ্মাণ কৰাৰ বাবে আদানী গ্রুপক প্ৰায় ৩৪০০ বিঘা ভূমি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

author-image
Asomiya Pratidin
New Update
পৰ্বতঝোৰা বাশবাৰীত আদানী গ্রুপক ভূমি প্ৰদানৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাশবাৰীত তাপশক্তি প্রকল্প নিৰ্মাণ কৰাৰ বাবে আদানী গ্রুপক প্ৰায় ৩৪০০ বিঘা ভূমি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । যুগ যুগ ধৰি জনজাতি মানুহে বসবাস কৰি ভোগ দখল কৰি হোৱা ভূমি বহিৰাগত আদানীক হস্তান্তৰ কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজে পাগলিঝোৰাত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

উল্লেখযোগ্য যে, বড়োলেণ্ড জন-জাতি সুৰক্ষা মঞ্চৰ কাৰ্য্যকৰী সভাপতি দাওৰাও ডেক্ৰেব নাৰ্জাৰীৰ উপস্থিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় ৰাইজে। ষষ্ঠ অনুসচিত এলেকাত বহিৰাগত বনিয়াক ভূমি গতাই দিলে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব, প্ৰয়োজনত আমাক আটক কৰক গুলীয়াই মাৰক তথাপিও এক ইঞ্চি মাটি দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰে।

জনজাতি মানুহে হাবি জংগলত বসবাস কৰিলে উচ্ছেদ কৰা হয়, তেনে ক্ষেত্ৰত আদানীক কিয় লাখ লাখ গছ থকা বনাঞ্চল ধ্বংস কৰিলৈ দিব বুলিও প্ৰশ্ন কৰে কাৰ্য্যকৰী সভাপতিগৰাকীয়ে। লগতে আদানীক ভূমি দিবলৈ কোনো দেৱানী, ৰাজনৈতিক দল আৰু এজেঞ্চি যাতে নাহে তাৰ বাবে সকীয়াই দিয়ে।

kokrajhar