এবছৰতকৈ অধিক সময় জম্মুত বাস কৰিলেই লাভ কৰিব ভোট দানৰ অধিকাৰ....

আগন্তুক বৰ্ষত জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে জম্মুৰ উপায়ুক্তই জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

author-image
Asomiya Pratidin
New Update
এবছৰতকৈ অধিক সময় জম্মুত বাস কৰিলেই লাভ কৰিব ভোট দানৰ অধিকাৰ....

vote

ডিজিটেল ডেস্ক: আগন্তুক বৰ্ষত জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু অহা এমাহৰ ভিতৰত ভোটাৰ তালিকাৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে জম্মুৰ উপায়ুক্ত অৱনী লাভাছাই ভোটাৰ পঞ্জীয়নৰ বাবে নতুন নিৰ্দেশ জাৰি কৰিছে।

Advertisment

মঙলবাৰে জাৰি কৰা এই নিৰ্দেশ অনুসৰি, এবছৰতকৈ অধিক সময় ধৰি জম্মুত বাস কৰি থকা লোক সকলক নতুন ভোটাৰ হিচাপে পঞ্জীয়ন কৰা হ'ব । অৰ্থাত যদি এজন বাহিৰৰ লোকও এবছৰতকৈ অধিক সময় জম্মুত বাস কৰে, তেন্তে তেওঁ ভোটদানৰ অধিকাৰ লাভ কৰিব পাৰে।

উপাযুক্তৰ নিৰ্দেশৰ পাছতেই বহুতে ইয়াৰ বিৰোধিতা কৰিছে। নেশ্যনেল কনফাৰেন্সে ইয়াৰ বিৰোধিতা কৰি কয় যে বিজেপিয়ে ২৫ লাখ অস্থানীয় লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ এই ষড়যন্ত্ৰ কৰিছে।

kashmir jammu bjp vote