বিত্তীয় কেলেংকাৰীত নাম সঙোৰ খাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰঃ ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী শুনানি...

২০১২ চনৰ এক বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাইছে পেমা খাণ্ডুৰ

author-image
Asomiya Pratidin
New Update
বিত্তীয় কেলেংকাৰীত নাম সঙোৰ খাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰঃ ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী শুনানি...

PEMA KHANDU

ডিজিটেল ডেস্কঃ এক বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। ২০১২ চনতেই অৰুণাচলত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰী সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে শুনানি।

Advertisment

উল্লেখ্য যে এই কেলেংকাৰী সন্দৰ্ভত অৰুণাচলৰ দুই সংগঠনে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। ভলণ্টিয়াৰি অৰুণাচল সেনা আৰু অৰুণাচল জাষ্টিচ ফ'ৰাম নামৰ সংগঠন দুটাই আৱেদন দাখিল কৰিছিল।

বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ২ নৱেম্বৰ। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নাম এইদৰে বিত্তীয়ে কেলেংকাৰীৰ সৈতে জড়িত হোৱা বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

pema khandu arunachal