পেহেলগামৰ ঘটনাক গৰিহণা প্ৰমোদ বড়োৰ : সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমনৰ আহ্বান

কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ গৰিহণা প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । চান্দামাৰীৰ নিজ বাসভৱনত আয়োজিত এক সংবাদমেলত বড়োৱে কয়- সন্ত্ৰাসবাদে কাহানিও সমাজখন

author-image
Asomiya Pratidin
New Update
সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমনৰ আহ্বান

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ গৰিহণা প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । চান্দামাৰীৰ নিজ বাসভৱনত আয়োজিত এক সংবাদমেলত বড়োৱে কয়- সন্ত্ৰাসবাদে কাহানিও সমাজখন ভাল কৰিব নোৱাৰে। এই সময়ত বিটিআৰৰ ৰাইজ ভাৰত চৰকাৰৰ লগত আছে বুলি মন্তব্য কৰি সন্ত্ৰাসবাদ দমন কৰিবলৈ যি সিদ্ধান্ত লয় তাক আমি সমৰ্থন জনাই চৰকাৰৰ সতে থিয় হ'ম বুলি মন্তব্য কৰে। 

Advertisment

ভাৰতৰ প্ৰতিজন নাগৰিকৰে সুৰক্ষা লাগে, যি জাতি ধৰ্মৰে নহওঁক কিয় সুৰক্ষিত হ'ব লাগে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে ভাৰত চৰকাৰে ইয়াৰ বাবে কাম কৰি আছে আৰু তাৎক্ষণিক সিদ্ধান্ত লৈছে। সন্ত্ৰাসবাদে নিজৰ লগতে দেশৰো ক্ষতি কৰি আছে আৰু পাকিস্তানে যিমান চেষ্টা কৰিলেও ভাৰতৰ এক শতাংশও ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য কৰে। 

প্ৰমোদ বড়োৱে লগতে কয় যে বৰ্তমান সময়ত ভাৰত আগবাঢ়ি গৈ আছে কিন্তু পাকিস্তান দিনে দিনে পিছপৰি গৈ আছে আৰু অৰ্থনীতিও দুৰ্বল হৈ পৰিছে। ইয়াৰোপৰি সন্ত্ৰাসবাদে যাতে ভাৰতৰ সাধাৰণ নাগৰিকৰ যাতে ক্ষতি কৰিব নোৱাৰে তাৰ বাবে সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিবলৈ আহ্বান জনায়।

kokrajhar pramod boro