/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f0bae689-00f6-4591-ad48-da9de444e9a6/moura_04.jpg)
Peacock
ডিজিটেল সংবাদ চিৰাং: আজি চিৰাং জিলাৰ পূব এংকৰবাৰী গাঁৱত এটা ম'ৰা চৰাই উদ্ধাৰ কৰা হয়। গাঁওখনৰ বাসিন্দা দোৰ্জুন আলীৰ তামোল বাগানৰ পৰা মৰা চৰাইটো উদ্ধাৰ কৰা হয় ।
পূৱ এংকৰবাৰী গাঁৱত ইয়াৰ আগতে কোনোদিনে ম'ৰা চৰাই নেদেখা গাঁওবাসীয়ে আজি ৰাতিপুৱাৰ ভাগত দোৰ্জুন আলীৰ তামোল বাগানত ম'ৰা চৰাইটো ঘুৰি ফুৰা দেখিবলৈ পায় । পিছত দোৰ্জুন আলী নামৰ লোকজনে তামোল বাগানত উপস্থিত হৈ কৌশলেৰে ম'ৰা চৰাইটো উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে ।
ইপিনে ম'ৰা চৰাই উদ্ধাৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ পিছত ৰাতিপুৱাৰে পৰা দোৰ্জুন আলীৰ ঘৰত ম'ৰা চৰাইটো চাবলৈ গাওঁবাসীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । স্থানীয় লোকে বন বিভাগৰ লগতে ঢালিগাঁও আৰক্ষী থানাতো খবৰ দিয়ে ।
খবৰ লাভ কৰি ঢালিগাঁও থানাৰ আৰক্ষীয়ে দোৰ্জুন আলীৰ ঘৰত উপস্থিত হৈ ম'ৰা চৰাইটো উদ্ধাৰ কৰি থানালৈ যায় । প্ৰাপ্তবয়স্ক মতা ম'ৰা চৰাইটো ক'ৰ পৰা কি পৰিস্থিতিত উক্ত পূব এংকৰবাৰীত আহি পালে সেয়া জানিব পৰা হোৱা নাই ।