৮ আদিবাসী বিদ্ৰোহী গোটৰ সৈতে দিল্লীত অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শান্তি চুক্তি সম্পন্ন...

উত্তৰ পূৱত শান্তি স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ

author-image
Asomiya Pratidin
New Update
৮ আদিবাসী বিদ্ৰোহী গোটৰ সৈতে দিল্লীত অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শান্তি চুক্তি সম্পন্ন...

amit shah amit shah

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত আজি অসমৰ ৮ টাকৈ আদিবাসী বিদ্ৰোহী গোটৰ শান্তি চুক্তি স্বাক্ষৰিত হয়। কোৱা হৈছে অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ দশকপুৰণি সমস্যাৰ সমাধানৰ বাবে এই শান্তি চুক্তিত স্বাক্ষৰ কৰা হৈছে।

Advertisment

চুক্তিত স্বাক্ষৰ কৰা এই ৮ টা বিদ্ৰোহী সংগঠন হৈছে ক্ৰমে বি চি এফ, এ চি এম এ, এ এন এল এ, এ পি এ, এছ টি এফ, এ এন এল এ (এফ জি), বি চি এফ (বি টি) আৰু এ চি এম এ (এফ জি)। চুক্তি স্বাক্ষৰৰ এই অনুষ্ঠাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, কেন্দ্ৰীয় গৃহমন্ত্ৰণালয় আৰু অসম চৰকাৰৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে।

ঐতিহাসিক এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত গৃমন্ত্ৰী অমিত শ্বাহে কয় যে,  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগী অনুসৰি ২০২৫ চনৰ ভিতৰত উত্তৰ-পূবক উগ্ৰবাদ মুক্ত কৰাৰ ক্ষেত্ৰত এই চুক্তি  এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব। তেওঁ কয় যে.  নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ-পূবক শান্তিপূৰ্ণ আৰু উন্নয়নমুখী কৰাৰ দিশত বহু প্ৰচেষ্টা লোৱা হৈছে।

উল্লেখ্যে যে শান্তি চুক্তি স্বাক্ষৰ কৰা সংগঠন কেইটাৰ মুঠ ১১৮২ গৰাকী কেডাৰে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিত যোগদান কৰিছে। অমিত শ্বাহে কয় যে, গৃহ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ সংস্কৃতিৰ প্ৰচাৰ আৰু বিকাশ, সকলো বিবাদ নিষ্পত্তি, শান্তি স্থাপন আৰু উত্তৰ-পূৰ্বাঞ্চলত উন্নয়ন ত্বৰান্বিত কৰি উত্তৰ-পূবৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ কয় যে, যোগাযোগৰ অভাৱ আৰু স্বাৰ্থৰ সংঘাতৰ বাবে বিভিন্ন গোটে অস্ত্ৰ হাতত তুলি লয়। এনে গোটসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ নিৰাপত্তাৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ হোৱা সংঘৰ্ষত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। গৃহমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে, ২০২৪ চনৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সকলো সীমান্ত বিবাদ আৰু সশস্ত্ৰ গোটৰ সৈতে সম্পৰ্কিত সকলো বিবাদ সমাধান কৰা হ'ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা তিনি বছৰত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য চৰকাৰে নিজৰ মাজত আৰু বিভিন্ন উগ্ৰপন্থী গোটৰ সৈতে কেইবাটাও চুক্তি সম্পন্ন কৰিছে। ২০১৯ চনত এন এল এফ টি চুক্তি, ২০২০ চনত বি আৰ ইউ-ৰিয়াং আৰু বড়ো চুক্তি, ২০২১ চনত কাৰ্বি আংলং চুক্তি আৰু ২০২২ চনত অসম-মেঘালয় আন্তঃৰাজ্যিক সীমা চুক্তি সম্পন্ন কৰা হৈছে।

অসম-মেঘালয় আন্তঃৰাজ্যিক সীমা চুক্তিয়ে দুয়োখন ৰাজ্যৰ মাজত প্ৰায় ৬৫ শতাংশ সীমান্ত বিবাদ সমাধান কৰিছে। শ্বাহে কয়- ভাৰত চৰকাৰ আৰু অসম চৰকাৰে নিশ্চিত অসমৰ আদিবাসী গোটসমূহৰ সৈতে হোৱা এই চুক্তিৰ চৰ্তাৱলী সম্পূৰ্ণৰূপে পালন কৰিব।

ইয়াৰ উপৰিও তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ এক অভিলেখ হৈছে যে, এতিয়ালৈকে স্বাক্ষৰিত সকলো চুক্তিৰ অধীনত দিয়া প্ৰতিশ্ৰুতিৰ ৯৩ শতাংশ পূৰণ কৰা হৈছে। ইয়াৰ ফলস্বৰূপে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবত শান্তি পুনৰ স্থাপন কৰা হৈছে।

আজিৰ চুক্তি অনুসৰি আদিবাসী গোটসমূহৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক আকাংক্ষা পূৰণ কৰাটো ভাৰত আৰু অসম চৰকাৰৰ দায়িত্ব বুলি দোহাৰে অমিত শ্বাহে। তেওঁ কয়,  এই চুক্তিত আদিবাসী গোটসমূহৰ সামাজিক, সাংস্কৃতিক, জাতিগত আৰু ভাষিক পৰিচয় সুৰক্ষিত কৰাৰ লগতে তেওঁলোকক অধিক শক্তিশালী কৰাৰ ব্যৱস্থা কৰা হৈছে।

এই চুক্তিত চাহ বাগিচাৰ দ্ৰুত আৰু কেন্দ্ৰীভূত বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে এখন জনজাতীয় কল্যাণ আৰু উন্নয়ন পৰিষদ স্থাপনৰ ব্যৱস্থা কৰা হৈছে।  চুক্তি অনুসৰি সশস্ত্ৰ কেডাৰসকলৰ পুনৰ্সংস্থাপন আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থাও কৰা হৈছে। জনজাতীয় জনসংখ্যা থকা গাওঁ/অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়নৰ বাবে পাঁচ বছৰৰ ভিতৰত ১০০০ কোটি টকাৰ এক বিশেষ উন্নয়ন পেকেজ  প্ৰদান কৰা হ'ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, ২০১৪ চনৰ পৰা প্ৰায় ৮,০০০ বিদ্ৰোহীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ ওপৰত আস্থা প্ৰকাশ কৰি অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূলসুঁতিত যোগদান কৰিছে।

assam amit shah