/asomiyapratidin/media/media_files/2025/02/18/ECZGF7z2QSxnLfckHY2o.jpg)
দিল্লী চৰকাৰ
ডিজিটেল ডেস্কঃ নতুন মুখ্যমন্ত্ৰী কোন হ'ব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও দিল্লীৰ বিজেপি চৰকাৰে অহা ২০ফেব্ৰুৱাৰীত শপত গ্ৰহণ কৰাটো ইতিমধ্যে চূড়ান্ত হৈছে। দিল্লীৰ ৰামলীলা মৈদানক অনুষ্ঠিত হব লগীয়া এই অনুষ্ঠানত এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব।
দিল্লীত বিজেপি তথা এন ডি এৰ এনে উদুলি-মুদুলি পৰিৱেশৰ মাজতে খবৰ আহিছে যে, দিল্লীৰ নতুন চৰকাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ পায়ো নাহে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ইয়াৰো আছে এটা বিশেষ কাৰন। অহা ২০ আৰু ২১ফেব্ৰুৱাৰীত বিহাৰ চৰকাৰে প্ৰগতি যাত্ৰা শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰিব। এই যাত্ৰাত উপস্থিত থাকিব লগা হোৱা হেতুকেই দিল্লীলৈ নাহে নীতিশ কুমাৰ।
নীতিশ কুমাৰ নাহে যদিও বিহাৰ চৰকাৰৰ হৈ শপত গ্ৰহণ অনুষ্ঠানত ভাগ লব দিল্লীৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দিল্লীৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ১১.৩০বজাৰ পৰা আৰম্ভ হব।