/asomiyapratidin/media/media_files/2024/12/11/zbHgBndx8PyU38waTSv9.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীৰ ভাগৱতধামৰ কাষৰ দক্ষিণ জ্যোতিশ্ৰী নগৰৰ চবীন কলিতা নামৰ ৪০ বছৰীয়া এগৰাকী ব্যক্তি সন্ধানহীন । যোৱা ২৫ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ব্যক্তি গৰাকী ।
যোৱা ২৩ নৱেম্বৰত বুকুৰ বিষজনিত ৰোগত ভঙাগড়াৰ মেডিকেল কলেজ হস্পিটালত ভৰ্তি হৈ আছিল। তেওঁৰ লগত ৰখীয়া হিচাপে আছিল তেখেতৰ পত্নী। ২৫ তাৰিখে দুপৰীয়া কিবা খাবলৈ ওলাই যোৱাৰ পৰা সন্ধান নাই ব্যক্তিজনৰ ।
পত্নীয়ে বিচাৰি নাপায় ভঙাগড়া থানাত এজাহাৰ দাথিল কৰে যদিও এই পৰ্যন্ত উলিযাব পৰা নাই ব্যক্তিজনৰ সন্ধান । দিন হাজিৰা কৰি চলা চবীন কলিতা অঞ্চলৰ পোনা শৰ্মাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল। কোনো সদাশয় লোকে কিবা সম্ভেদ পালে পত্নীয়ে ৯৪০১৫ ০৩৪১১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে।