/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5bc5dcec-c8d1-43b0-966a-5d65bd6326f3/fake_doctor.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ সৃষ্টি হ'ল চাঞ্চল্যকৰ ঘটনাৰ । নগাঁওত ভুৱা চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হ'ল এটি শিশু । দুৰ্ভাগ্যবশত ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাৱটি ল'ব লগীয়া হয় পঞ্চম শ্ৰেণীৰ শিশুটিয়ে । ৰবিবাৰে নিশাৰ পৰাই জ্বৰত আক্ৰান্ত হৈ আছিল ধিং ৰোডৰ অমন সিং । স্থানীয় অঞ্চলটোত নিজকে চিকিৎসক বুলি পৰিচয় দিয়া মতালিক আলি নামৰ ব্যক্তি গৰাকীৰ ভুল চিকিৎসাৰ বাবেই শিশুটিয়ে এনে কৰুণ পৰিণতিক সাৱটি ল'ব লগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে শিশুটিৰ অভিভাৱকে ।
উল্লেখ্য যে, ভুৱা চিকিৎসক জনে জ্বৰৰ বাবে শিশুটিক এটি বেজী দিয়াৰ পাছতেই সংকটজনক হৈ পৰিছিল শিশুটিৰ অৱস্থা । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোক ধিং ভিউ কেয়াৰ নাৰ্ছিং হোমলৈ শিশুটিক লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে লগে লগেই গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় শিশুটিক । দুৰ্ভাগ্যবশত, গুৱাহাটীৰ হায়াত চিকিৎসালয়ত মৃত্যু হয় শিশুটিৰ ।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । আনহাতে, সম্প্ৰতি পলাতক অৱস্থাত ভুৱা চিকিৎসক মতালিক আলি ।
উল্লেখ্য যে, ৰাজ্যত ভুৱা চিকিৎসকৰ কবলত ৰোগীয়ে মৃত্যুক সাৱটি ল'ব লগীয়া হোৱা ঘটনা ইয়াৰ পূৰ্বেও বহু বাৰ সংঘটিত হৈছে । ৰাইজৰ মাজত প্ৰয়োজনীয় সজাগতা আৰু প্ৰশাসনৰ দ্বাৰা অনুজ্ঞা-পত্ৰৰ পৰীক্ষাৰ সহায়ত এনে ঘটনাৰ পৰিমাণ নিশ্চয়কৈ হ্ৰাস কৰিব পৰা যাব ।