জেএছবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু প্ৰসূতিৰ

অভিযোগ অনুসৰি শুক্ৰবাৰে দুপৰীয়াৰ ভাগত এগৰাকী গৰ্ভৱতী মহিলা চিজাৰিয়ান পদ্ধতিত এটি সুস্থ কন্যা সন্তান জন্ম দিয়াৰ পিছতেই চিকিৎসাধীন অবস্থাতে প্ৰসূতি মহিলা গৰাকীয়ে ৰহস্যজনক ভাবে মৃত্যুক আঁকোৱালি লয়।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত শুক্ৰবাৰে এগৰাকী প্ৰসূতি মহিলাৰ অস্বাভাৱিক মৃত্যুক কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অভিযোগ অনুসৰি শুক্ৰবাৰে দুপৰীয়াৰ ভাগত এগৰাকী গৰ্ভৱতী মহিলা চিজাৰিয়ান পদ্ধতিত এটি সুস্থ কন্যা সন্তান জন্ম দিয়াৰ পিছতেই চিকিৎসাধীন অবস্থাতে প্ৰসূতি মহিলা গৰাকীয়ে ৰহস্যজনক ভাবে মৃত্যুক আঁকোৱালি লয়।

মৃত মহিলা গৰাকী চিৰাং জিলাৰ বিজনীৰ বৰলেছাগাঁৱৰ বাসিন্দা শৰৎ দাসৰ পত্নী অনিতা দাস (২২) বুলি জানিব পৰা গৈছে । মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে যে জেএচবি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিশেষজ্ঞ চিকিৎসক ডাঃ ইয়াকুব আলী আহমেদৰ ভুল চিকিৎসাৰ বাবে গৰ্ভৱতী মহিলা গৰাকীৰ মৃত্যু হৈছে।

মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে স্থানীয় আশা কৰ্মীক লগত লৈ গৰ্ভৱতী মহিলা গৰাকীক পুৱা দহ বজাত চিকিৎসালয়ত অনা হৈছিল । কিন্তু দুপৰীয়া ১২ বজাত হে প্ৰসূতি বিশেষজ্ঞ চিকিৎসক ডাঃ ইয়াকুব আলী আহমেদে মহিলা গৰাকীক অস্ত্ৰোপ্ৰচাৰ কৰে আৰু এটি সুস্থ কন্যা সন্তানৰ জন্ম দিয়ে । তাৰ পিছৰে পৰা মহিলাগৰাকীয়ে অস্বাভাৱিক আচৰণ কৰে ।পৰিয়ালৰ লোকে মহিলা গৰাকীক চাব বিচাৰে কিন্তু কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছ সকলে বাধা আৰোপ কৰে ।

এই পৰিস্থিতিত পৰিয়ালৰ লোকৰ উদ্বিগ্নতা বৃদ্ধি পায় । তেওঁলোকে ফোন যোগে বিজনীৰ আত্মীয়ক বিষয়টো অৱগত কৰে।  তাৰ পিছতেই চিকিৎসক ইয়াকুব আলী আহমেদ বাহিৰত আহি মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি হৈছে তাইক জৰুৰীকালীন ভাবে চাপাগুৰীস্থিত এখন মিছনাৰী চিকিৎসালয়ত প্ৰেৰণ কৰাৰ পৰামৰ্শ আগবঢ়ায় ।

তাৰ পিছত পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ মতে জৰুৰীকালীন ১০৮ এম্বুলেন্স যোগে বঙাইগাঁৱলৈ যোৱাৰ বাবে ব্যৱস্থা কৰে । মহিলা গৰাকীক এম্বুলেন্সত উঠোৱাৰ পিছতেই এম্বুলেন্সৰ স্বাস্থ্যকৰ্মী জনে মহিলা গৰাকীক লৈ যোৱাত আপত্তি দৰ্শাই কয় যে ইতিমধ্যেই মহিলা গৰাকীৰ মৃত্যু হৈছে তেনেস্থলত মৃত মহিলা গৰাকীক তেওঁলোকে লৈ নাযাব।

তাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে। মৃত মহিলা গৰাকীৰ আত্মীয় স্বজন সকলে চিকিৎসক জনৰ বিৰুদ্ধে চিকিৎসাৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱতি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

ইপিনে প্ৰসূতি মহিলা গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উদ্ভৱ হোৱা পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতেই চিকিৎসালয় আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে। খবৰ লাভ কৰি দণ্ডাধীশ নৱজিত বৰঠাকুৰ চিকিৎসালয়ত আহি উপস্থিত হয় আৰু মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে কথা পাতে আৰু নিৰপেক্ষ মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰে । 

দণ্ডাধীশ জনে পৰিয়ালৰ লোকৰ দাবী মানি লোৱাত পৰিস্থিতিৰ শাম কাটে । ইপিনে জেএচবি অসামৰিক চিকিৎসালয়ত আজিৰ এই অনাকাংক্ষিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে জেএছবি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰেজাউল কৰিমে । তেখেতে উক্ত শোকাবহ ঘটনাটো কাৰ ভুলৰ কাৰণে হবলৈ পালে তাৰ বাবে এক বিভাগীয় তদন্ত সমিতি গঠন কৰি নিৰপেক্ষ তদন্তৰ ঘোষনা কৰে ।

চিৰাং