
ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ জোনাইত ৰাজ্যৰ শিক্ষা বিভাগৰ অৱহেলাৰ ফল ভুগিছে কণ কণ শিক্ষাৰ্থী সকলে । জোনাইৰ চেঙাজান কৈৱৰ্ত মধ্য অসমীয়া বিদ্যালয়ত আছে মাথো এটাই শ্ৰেণীকোঠা । যাৰ বাবে ১ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণী লৈ একেটা শ্ৰেণীকোঠাতে কৰাব লগীয়া হয় পাঠদান । আন্ত: গাঠনিৰ সু ব্যৱস্থাৰ অভাৱৰ বাবে ব্যাঘাত জন্মিছে শিক্ষাৰ্থী সকলৰ পাঠদানত ।
২০০৭ চনৰ পৰাই এই পৰিস্থিতিৰ সন্মুখীন হৈ অহা বিদ্যালয় খনত বৰ্তমান শিক্ষাৰত হৈ আছে ১০০ তকৈও অধিক শিক্ষাৰ্থী আনহাতে তাৰ বিপৰীতে আছে কেৱল ২ গৰাকী শিক্ষক । তেনেস্থলত কেনে এক বিশৃংখল অৱস্থাৰ মাজেৰে চলি আছে শিক্ষা সেইয়া সহজেই অনূমেয় ।
বিদ্যালয় খনৰ শিক্ষক দুগৰাকীৰ ভাষ্য অনুসৰি, বহু সময়ত শ্ৰেণী কোঠাৰ অভাৱত গছৰ তলতেই পাঠদান কৰাব লগীয়া হয় শিক্ষাৰ্থী সকলক । আনহাতে, অংগনবাদী কেন্দ্ৰ এটিৰ অনুৰোধ কৰিও চৰকাৰৰ সহাৰি লাভ কৰা নাই বিদ্যালয় খনে ।