পাটাছাৰকুছিত ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপঃ অংশগ্ৰহণ কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষই

পাটাছাৰকুছিত ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপঃ অংশগ্ৰহণ কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষই

author-image
Asomiya Pratidin
New Update
পাটাছাৰকুছিত ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপঃ অংশগ্ৰহণ কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষই

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ বজালী জিলাৰ অতি পুৰণি শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যতৰ সপোন সঠিকভাৱে নিৰ্বাচন আৰু পূৰণৰ বাবে প্ৰেৰণা প্ৰদান আৰু উৎসাহিত কৰাৰ প্ৰয়াসেৰে শনিবাৰে দুটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম লোক সেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষন দেৱ চৌধুৰীয়ে৷

Advertisment

বিশেষ অনুষ্ঠানত বিজ্ঞান আৰু কলা দুয়োটা শাখাৰে ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হয়৷ দেৱ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। অধ্যয়ন কেনেকৈ চলাব পাৰি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰি আৰু ভৱিষ্যতে উপলব্ধ বিভিন্ন পৰিসৰৰ সুবিধাৰ বিষয়ে তেওঁ বিতংভাৱে আলোচনা কৰে। বিষয়সমূহৰ পৰা কেনে ধৰণে অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে৷

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰা এনে ব্যতিক্ৰমী পদক্ষেপক লৈ ছাত্ৰ-ছাত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰে। দেৱ চৌধুৰীয়ে বজালীৰ উপায়ুক্ত হৈ থকাৰ সময়তো বজালী জিলাৰ অন্তৰ্গত গ্ৰাম্য অঞ্চলৰ বিভিন্ন বিদ্যালয় ভ্ৰমণ কৰিছিল আৰু এনে ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁ এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে গ্ৰাম্য অঞ্চলত বহু প্ৰতিভা আছে আৰু উপযুক্ত জ্ঞান আৰু পথ প্ৰদৰ্শনৰ অভাৱত প্ৰতিভা সময়মতে বিকশিত হৈ নুঠে আৰু সম্ভাৱনাবোৰ হেৰাই যায় সেয়েহে ছাত্ৰ-ছাত্ৰীক নজনা কথাবোৰ সঠিক সময়ত জনাই দি আগবঢ়াই নিয়াই তেওঁৰ প্ৰধান উদ্দেশ্য৷ এই প্ৰচেষ্টা তেওঁ ভৱিষ্যতেও চলাই নিব বুলিও জনায়৷

তেওঁৰ এনে প্ৰচেষ্টাক স্থানীয় লোকৰ লগতে অভিভাৱকসকলে প্ৰশংসা কৰে। অতি ব্যস্ততাত উচ্চ পদত অধিস্থিত থকাৰ সময়তো কিছুসময় ৰাহি কৰি তেওঁ গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহ আৱিষ্কাৰ কৰি বিকশিত কৰাৰ সপোন লৈ এনেদৰে জন্মস্থানৰ ছাত্ৰ-ছাত্ৰীসকলক সঠিক পথ প্ৰদৰ্শনৰ বাবে কৰা প্ৰচেষ্টাই বিশেষ তাৎপৰ্য বহন কৰিছে৷

Also Read: কেজৰিৱালৰ বিৰুদ্ধে ইডি, চিবিআইক ব্যৱহাৰ কৰিছে বিজেপিয়ে: ডা: ভবেন চৌধুৰী

PATACHARKUCHI