৪ঘন্টা ধৰি বিলম্ব বিমান! পাটনা এয়াৰপৰ্টত অসমৰ ৪০যাত্ৰীৰ হাঁহাকাৰ...

স্পাইচজেটৰ অবিবেচকী কাণ্ডক লৈ হাঁহাকাৰ লাগিছে পাটনা বিমান বন্দৰত। পাটনাৰ পৰা গুৱাহাটীলৈ দুুপৰীয়া ১.৩৫বজাত আছিল স্পাইচজেটৰ এখন বিমান। সকলো বিমানযাত্ৰীৰ বাবে ১.০৫বজাত নিৰ্ধাৰণ কৰি দিয়া হৈছিল বৰ্ডিং টাইম।

author-image
Asomiya Pratidin
New Update
স্পাইচজেট

স্পাইচজেট Photograph: (স্পাইচজেট)

ডিজিটেল ডেস্কঃ স্পাইচজেটৰ অবিবেচকী কাণ্ডক লৈ হাঁহাকাৰ লাগিছে পাটনা বিমান বন্দৰত। পাটনাৰ পৰা গুৱাহাটীলৈ দুুপৰীয়া ১.৩৫বজাত আছিল স্পাইচজেটৰ এখন বিমানৰ উৰণ। সকলো বিমানযাত্ৰীৰ বাবে ১.০৫বজাত নিৰ্ধাৰণ কৰি দিয়া হৈছিল বৰ্ডিং টাইম। 

Advertisment

নিৰ্ধাৰিত সময়মতেই বৰ্ডিং পাছ গ্ৰহণ কৰি সকলো যাত্ৰী পাটনা বিমানবন্দৰত উপস্থিত হয় যদিও বিয়লি ৪.৩০বজালৈকে এই বিমানখনৰ যাত্ৰা আৰম্ভই নহল। ঘন্টাৰ পিছত ঘন্টা ধৰি যাত্ৰীসকল বিমান বন্দৰতে অপেক্ষা কৰি আছে যদি কৰ্তৃপক্ষইও এই বিমান যাত্ৰাৰ সম্পৰ্কত কোনো সুদোত্তৰ দিয়া নাছিল। অৱশেষত যাত্ৰীসকলে হুলস্থুলীয়া এক পৰিৱেশৰ সৃষ্টি কৰাৰ পাছতে কৰ্তৃপক্ষই আৰু কিছু সময় অপেক্ষা কৰিবলৈ আহ্বান জনায়।

উল্লেখ কৰা প্ৰয়োজন যে, এই বিমানখনত আছিল ৩৫-৪০গৰাকী অসমৰ যাত্ৰী। SG3453 নম্বৰৰ বিমানখনৰ যাত্ৰা প্ৰায় ৪ঘন্টা বিলম্ব হোৱাক লৈ এতিয়া যাত্ৰীসকলৰ মাজত এক হাহাঁকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। যাত্ৰীসকলে বিমান কৰ্তৃপক্ষক থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিবলৈ দাবী উত্থাপন কৰিছে যদিও তাতো কোনো সহাঁৰি দিয়া নাই বিমান কৰ্তৃপক্ষই।

আনফালে যাত্ৰীসকলৰ ভিতৰত থকা বৃদ্ধ আৰু চৰকাৰী চাকৰিয়ালৰ মাজত এক অবৰ্ণীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ কথা সদৰি কৰিছে পাটন বিমান বন্দৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলে। 

মহা কুম্ভ মেলা