/asomiyapratidin/media/media_files/2025/03/29/ae233fFRBhIEZqde3aUG.jpg)
ডিজিটেল ডেস্ক : ঈদ উপলক্ষে উত্তৰ প্ৰদেশৰ মীৰাট আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। আৰক্ষী – প্ৰশাসনে সকীয়াই দিছে যে ঈদৰ সময়ত ৰাজপথত নামাজ পঢ়িলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। কেৱল ইমানেই নহয়, তেওঁলোকৰ পাৰপত্ৰ আৰু অনুজ্ঞাপত্ৰপৰ্যন্ত বাতিল কৰা হ’ব।
মীৰাটৰ আৰক্ষী অধীক্ষক আয়ুস বিক্ৰম সিঙে সদৰী কৰে যে ঈদৰ নামাজ স্থানীয় মছজিদ বা নিৰ্ধাৰিত ঈদগাহত কৰিব লাগিব। যদিহে কোনোৱে ৰাজপথত নামাজ পঢ়ে তেন্তে সেয়া আইন মতে দণ্ডনীয় বুলি গন্য কৰা হ’ব।
উল্লেখযোগ্য যে, আইন- শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰপ্ৰতি এনে আগতীয়া সতৰ্কমূলক ব্যৱস্থা হাতত লোৱা হৈছে।