শিলচৰ ৰেল ষ্টেচনত আৱদ্ধ বহিঃ ৰাজ্যৰ শ্ৰমিকঃ অনাহাৰে কটাইছে দিন

শিলচৰ ৰেল ষ্টেচনত আৱদ্ধ বহিঃ ৰাজ্যৰ শ্ৰমিকঃ অনাহাৰে কটাইছে দিন

author-image
Asomiya Pratidin
New Update
শিলচৰ ৰেল ষ্টেচনত আৱদ্ধ বহিঃ ৰাজ্যৰ শ্ৰমিকঃ অনাহাৰে কটাইছে দিন

প্ৰতীকী ফটো

ডিজিটেল সংবাদ,শিলচৰঃ শিলচৰ-লামডিং ৰেল পথেৰে যাত্ৰা কৰা সকলো ৰেল ভূমিস্খলনৰ ফলত ২৬ মে'ৰ পৰা বাতিল কৰাত বিপদত পৰিছে শিলচৰ ৰেল ষ্টেচনত আৱদ্ধ হৈ থকা বহিঃ ৰাজ্যৰ একাংশ যাত্ৰী।‌

Advertisment

মিজোৰাম আৰু কাছাৰ জিলাৰ সোণাইত শ্ৰমিক হিচাপে কাম কৰা এই সকল বিহাৰ আৰু ঝাৰখণ্ডৰ শ্ৰমিক প্ৰবল‌ বান আৰু ভূমিস্খলনৰ বাবে মিজোৰাম আৰু সোণাইৰ পৰা ঘৰত যাবলৈ শিলচৰ ৰেল ষ্টেচনত উপস্থিত হৈছিল। কিন্তু বিগত ৫ দিন ধৰি ৰেল বাতিল কৰাত বিপদত পৰিছে শ্ৰমিক সকল।

হোটেলত খোৱা লোৱা কৰাৰ ফলত জেপত থকা টকা পইচাও শেষ হৈছে এই সকল শ্ৰমিকৰ। এমুঠি ভাত আৰু এটুপী পানীৰ বাবে হাহাকাৰ কৰা শ্ৰমিক সকল এক কথাত অনাহাৰেই দিন কটাব লগা হৈছে শিলচৰ ষ্টেচনত।

Silchar train cancellations