/asomiyapratidin/media/media_files/2025/03/26/SoEH18AuXzzQIzceVaEP.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ পূব গুইমাৰী গাঁৱৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজসচেতক বীৰেন চন্দ্ৰ ৰাজবংশীৰ যোৱা ২৪ মাৰ্চত বিয়োগ ঘটে। তামিলনাডুৰ চেন্নাইস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত এক জটিল অস্ত্ৰোপচাৰৰ পিছত শেষ নিশ্বাস ত্যাগ কৰা বীৰেন ৰাজবংশীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ।
কাৰ্বিআংলং জিলাৰ ভকচং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৩ চনত অৱসৰ গ্ৰহণ কৰা ৰাজবংশীয়ে অৱসৰৰ পিছৰে পৰা বিভিন্ন সামাজিক কাম-কাজৰ লগতে আধ্যাত্মিক ক্ষেত্ৰখনতো নিজকে নিয়োজিত কৰি আহিছিল। ইয়াৰ উপৰিও স্থানীয় কেবাগৰাকী ছাত্ৰ-ছাত্ৰীক অৱসৰৰ পিছত তেওঁ বিনামূলীয়াকৈ ইংৰাজীকে ধৰি বিভিন্ন বিষয়ত ঘৰতে পাঠদান কৰিছিল। মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ কন্যা, জোৱাই আৰু নাতিৰ লগতে ভালেসংখ্যক আত্মীয়-স্বজনক এৰি থৈ যায়।
উল্লেখ্য যে সমাজসচেতক অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে মৃত্যুৰ পূৰ্বে মৰণোত্তৰ দেহদানৰ ইচ্ছা প্ৰকাশ কৰি গৈছিল। সেয়ে তেওঁৰ পৰিয়ালৰ লোকে নশ্বৰদেহটো যোৱা ২৫ মাৰ্চত চেন্নাইস্থিত মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে দান কৰে।
অসমৰ ভিতৰুৱা গ্ৰামাঞ্চলৰ এগৰাকী সমাজ সচতেক অৱসৰপ্ৰাপ্ত শিক্ষকে এইদৰে মৰণোত্তৰভাৱে দেহদান কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগে। বিভাগটোৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়াত বীৰেন ৰাজবংশীৰ এনে মহানুভৱতাৰ শলাগ লোৱাৰ লগতে তেওঁৰ একমাত্ৰ কন্যাৰ এনে সাহসী আৰু বিজ্ঞানমনষ্ক সিদ্ধান্তৰো শলাগ লয়।
মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ সঞ্চালক ডাঃ আৰ কুমাৰে এই সন্দৰ্ভত কয়, ''দক্ষিণ ভাৰতত মৰণোত্তৰ দেহদানে ইতিমধ্যে এক বিশেষ গতি লাভ কৰিছে। এতিয়া অসমৰ দৰে এখন ৰাজ্যতো এনে লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি জানি আমি সুখী হৈছো। আশা কৰিছো বীৰেন ৰাজবংশী আৰু তেওঁৰ পৰিয়ালৰ এনে সিদ্ধান্তই এই আন্দোলনটোক ৰাজ্যখনত নতুন মাত্ৰা প্ৰদান কৰিবলৈ সমৰ্থ হ’ব।’’