মহাশিৱৰাত্ৰিত ১০ লাখ ভক্তক আদৰিবলৈ সাজু নেপাল...

মহাশিৱৰাত্ৰিৰ দিনা পুৱা ২.১৫ বজাত পশুপতিনাথ মন্দিৰ মুকলি হ’ব আৰু মন্দিৰৰ চাৰিওখন দুৱাৰৰ পৰাই ভক্তসকলে শিৱলিঙৰ দৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। মন্দিৰৰ চাৰিওখন দুৱাৰৰ পৰাই ভক্ত সকলে শিৱ লিংগৰ দৰ্শন কৰাৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
োীাূীূ

ডিজিটেল ডেস্কঃ  বুধবাৰে মহাশিৱৰাত্ৰি উপলক্ষে নেপাল আৰু ভাৰতৰ পৰা প্ৰায় ১০ লাখ ভক্তই পশুপতিনাথ মন্দিৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে। মন্দিৰ পৰিচালনা কৰা পশুপতি এৰিয়া ডেভেলপমেণ্ট ট্ৰাষ্টৰ বিষয়াসকলে জনোৱা মতে,পশুপতিনাথৰ দৰ্শনৰ উদ্দেশ্যে প্ৰায় ৪ হাজাৰ সাধু আৰু হাজাৰ হাজাৰ ভক্ত ইতিমধ্যে কাঠমাণ্ডুত উপস্থিত হৈছে।

Advertisment

উল্লেখযোগ্য যে, মহাশিৱৰাত্ৰিৰ দিনা পুৱা ২.১৫ বজাত বাগমতী নদীৰ পাৰত অৱস্থিত পশুপতিনাথ মন্দিৰ মুকলি কৰা হ’ব। মন্দিৰৰ চাৰিওখন দুৱাৰৰ পৰাই ভক্ত সকলে শিৱ লিংগৰ দৰ্শন কৰাৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।

পশুপতি ট্ৰাষ্টৰ মুখপাত্ৰ ৰেৱতী অধিকাৰীয়ে কয় যে, এই মহান অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। শিৱৰাত্ৰীৰ ভক্তসকলৰ সুৰক্ষা আৰু সুবিধাৰ বাবে মুঠ ১০ হাজাৰ নিৰাপত্তাৰক্ষী আৰু ৫ হাজাৰ স্বেচ্ছাসেৱক নিয়োগ কৰা হ’ব।

ইফালে কাঠমাণ্ডু জিলা প্ৰশাসনৰ কাৰ্যালয়ে এক জাননী জাৰি কৰি মহাশিৱৰাত্ৰিৰ সময়ত মন্দিৰৰ আশে-পাশে মদ, মাংস, মাছৰ উৎপাদন, বিক্ৰী, সেৱন আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। জাননী অনুসৰি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ পশুপতিনাথ মন্দিৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে সুৰা, মাংস, মাছ নিষিদ্ধ কৰা হ’ব। নিয়ম উলংঘা কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। 

মহাশিৱৰাত্ৰি