/asomiyapratidin/media/media_files/2025/06/07/X2XVJy70OpeWurYwsrGg.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: মৰ্ণিং ষ্টাৰ হাইস্কুল,বৰঙাবাৰীৰ এগৰাকী সফল ছাত্ৰ পাৰ্থজ্যোতি ভূঞাই সদ্য ঘোষিত B.Tech পৰীক্ষাত শিলচৰ NIT ৰ পৰা CGPA- 9.27 পাৰচেনটাইল লৈ সফলতাৰে উত্তীৰ্ণ হৈছে।তেওঁৰ ব্ৰাঞ্চত পাৰ্থজ্যোতিয়ে দ্বিতীয় স্থান লাভ কৰি সুখ্যাতি অৰ্জন কৰিছে।
ইতিমধ্যে Engineers India Limited ( Nvaratana PSU ) ত তেওঁ নিযুক্তি লাভ কৰিছে।গহপুৰ সমজিলাৰ মাগনি গাওঁ নিৱাসী তথা জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱন ভূঞা আৰু একেখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী বিজু ভূঞাৰ সুযোগ্য পুত্ৰ পাৰ্থজ্যোতি ভূঞালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা আৰু অধ্যক্ষ দীনেশ কুমাৰ কেচিৰ লগতে বিদ্যালয়খনৰ সমূহ পৰিয়ালবৰ্গই।