শিক্ষক নিযুক্তি কেলেংকাৰী;পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেতাৰ্জীক গ্ৰেপ্তাৰ, ঘনিষ্ঠৰ ঘৰত ২০ কোটি উদ্ধাৰ

শিক্ষক নিযুক্তি কেলেংকাৰী;পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেতাৰ্জীক গ্ৰেপ্তাৰ, ঘনিষ্ঠৰ ঘৰত ২০ কোটি উদ্ধাৰ

author-image
asomiyapratidin
New Update
শিক্ষক নিযুক্তি কেলেংকাৰী;পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেতাৰ্জীক গ্ৰেপ্তাৰ, ঘনিষ্ঠৰ ঘৰত ২০ কোটি উদ্ধাৰ

ডিজিটেল ডেস্ক পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেতাৰ্জীত শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে ইডিয়ে। শিক্ষক নিযুক্তি সংক্ৰান্তত এক কেলেংকাৰীৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মন্ত্ৰী গৰাকীক।

পশ্চিম বংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মমতা বেনাৰ্জীৰ মন্ত্ৰী সভাত থকা চেতাৰ্জী এজন ঘনিষ্ঠৰ ঘৰত শুকুৰবাৰে ইডিয়ে অভিযান চলাই নগদ ২০ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ধন উদ্ধাৰৰ পাছতেই ইডিয়ে তেওঁক আটক কৰি ওৰে নিশা জেৰা চলাইছিল।

ইডি সূত্ৰই প্ৰকাশ কৰে মতে জেৰাত সহযোগ কৰা নাছিল পাৰ্থ চেতাৰ্জীয়ে। বৰ্তমান উদ্যোগ আৰু বানিজ্য বিভাগৰ মন্ত্ৰী চেতাৰ্জীয়ে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত অবৈধভাৱে ধন বিনিময়ত বহুতকে শিক্ষকৰ চাকৰিত নিযুক্তি দিছিল।

চেতাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত জমা থোৱা আছিল বৃহৎ পৰিমানৰ ধন। ইডিয়ে অৰ্পিতা মুখাৰ্জীৰ ঘৰৰ পৰা টকা, সোনৰ লগতে মোবাইল ফোনো জব্দ কৰিছিল।

আৰু পঢ়ক: ৰাজ্যত ভয়াবহ ৰূপ জাপানীজ এনকেফেলাইটিচৰ, চলিত মাহত মৃত্যু ৩৮ গৰাকীৰ…

west bengal ed partha chatterjee