/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/parliament.jpg)
ডিজিটেল ডেস্ক: দেশৰ মন্ত্ৰী বিধায়ক সকলৰ জীৱন প্ৰণানী সৰ্বজন বিধিত । মন্ত্ৰী বিধায়ক সকলে লাভ কৰা দৰমহাকে আদি কৰি বিভিন্ন সা-সুবিধাৰ কথাই সকলোৰে চকু কপালত উঠাই । ইয়াৰ মাজতে ৰাজহুৱা হৈছে প্ৰাক্তন সাংসদ সকলে লাভ কৰা সা-সুবিধাৰ তথ্য ।
দেশৰ মুঠ ১৯৯১ জন প্ৰাক্তন সাংসদ আৰু সাংসদ পৰিয়ালে লাভ কৰি আহিছে পেঞ্চন । ইয়াৰে ভিতৰত ১৪৪৭ গৰাকী লোকসভাৰ প্ৰাক্তন সাংসদ আৰু ৫৪৪ গৰাকী ৰাজ্যসভাৰ সাংসদ ।
প্ৰাক্তন সাংসদ সকলৰ পেন্সনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২২ বৰ্ষৰ মে' মাহত প্ৰায় ২.২৮ কোটি টকা মুকলাই দিছিল । এক আৰটিআইৰ উত্তৰত লোকসভাৰ সচিবালয়ৰ তৰফৰ পৰা সদৰি কৰে এই তথ্য ।
উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা অগ্নিবীৰ আঁচনিৰ জোৱান সকলৰ পেঞ্চনকলৈ বিতৰ্ক চলি থকাৰ মাজতে এই আৰটিআইৰ তথ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।
আৰু পঢ়ক : মাদ্রাছাৰ সন্দৰ্ভত চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা….