/asomiyapratidin/media/media_files/2025/07/28/web-ap-gg-2025-07-28-17-11-57.jpg)
ডিজিটেল ডেস্কঃ ‘আমি চৰকাৰৰ শত্ৰু নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমি আজিও চৰকাৰৰ লগত আছো। কিন্তু সত্য পোহৰলৈ আহিব লাগিব’।– পেহেলগাম আক্ৰমণৰ পিছৰ অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত সংসদত আজি হোৱা আলোচনাৰ সময়ত এই মন্তব্য কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে।
বিৰোধীৰ প্ৰৱল দাবীৰ মাজতে এইবাৰৰ সংসদৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দূৰৰ প্ৰসংগত আজি বিতৰ্ক হয়। এই বিতৰ্কত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাম-কাজ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয়, "আমি চৰকাৰৰ শত্ৰু নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমি আজিও চৰকাৰৰ লগত আছো। কিন্তু সত্যটো পোহৰলৈ আহিব লাগে। আমি আশা কৰিছিলোঁ যে গৃহমন্ত্ৰীয়ে নৈতিক দায়িত্ব ল'ব আৰু প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত বক্তব্য ৰাখিব।
'সমগ্ৰ দেশ প্ৰধানমন্ত্ৰীৰ লগত আছিল কিন্তু ১০ মে'ত খবৰ আহিল যুদ্ধ বিৰতিৰ'
গৌৰৱ গগৈয়ে প্ৰশ্ন কৰি কয়, "আমি সকলোৱে ঐক্যবদ্ধ হৈ প্ৰধানমন্ত্ৰী মোডীক সম্পূৰ্ণ সমৰ্থন দিলোঁ। সমগ্ৰ দেশ প্ৰধানমন্ত্ৰী মোডীৰ লগত আছিল যদিও ১০ মে'ত যুদ্ধবিৰতি হৈছে বুলি খবৰ আহিল। এনে কিয় হ'ল? প্ৰথমে ২১ টা টাৰ্গেট বাছি লোৱা হ'ল আৰু তাৰ পিছত মাত্ৰ ৯ টা টাৰ্গেট হে কিয় লোৱা হ’ল?"
তেওঁ কয়, "যদি পাকিস্তানে সঁচাকৈয়ে আঁঠু ল'বলৈ সাজু আছিল, তেন্তে আপুনি কিয় ৰৈ গৈছিল? আপুনি কাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল?"
ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বাৰে বাৰে তেওঁৰ অধ্যস্থতাতে এই যুদ্ধৰ অৱসান ঘটিছিল বুলি দাবী কৰি অহা প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ২৬ বাৰ কৈছে যে তেওঁলোকে এই যুদ্ধ বন্ধ কৰি দিলে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে পাঁচ-ছখন জেট বিমান ভূপতিত কৰা হৈছে। আপুনি কওক কিমান জেট বিমান ভূপতিত কৰা হৈছিল?"
'আমি এতিয়া পি অ' কে নললে কেতিয়া লম?'
গৌৰৱ গগৈয়ে কয়, ৰাজনাথ সিঙে কৈছে যে আমাৰ উদ্দেশ্য যুদ্ধ নহয়। মই সুধিব বিচাৰো, কিয় যুদ্ধ উদ্দেশ্য নাছিল? হ'ব লাগিছিল। এই প্ৰসংগতে তেওঁ পি অ’ কেৰ কথাও উল্লেখ কৰে। তেওঁ কয়, আজি যদি আমি পি অ' কে নলওঁ, তেন্তে কেতিয়া লম?"
সাংসদগৰাকীয়ে আৰু কয়, "চিডিএছে কিয় ক'বলগীয়া হ'ল যে আমাৰ যুঁজাৰু বিমানসমূহ ৰেঞ্জৰ ভিতৰত আহিব নোৱাৰে, আমি দূৰৰ পৰা আক্ৰমণ কৰিবলগীয়া হৈছিল। আমি ওচৰৰ পৰা কিয় আক্ৰমণ কৰিব নোৱাৰিলো, এই তথ্য আমাক দিয়ক।"
তেওঁ কয়, "আমি জানিব বিচাৰো যে লেফটেনেণ্ট জেনেৰেল ৰাহুল আৰ সিঙে ছিকিমলৈ গৈ কৈছিল যে পাকিস্তান কেৱল সন্মুখত আছে আৰু পিছফালে চীন আছিল আৰু সম্পূৰ্ণৰূপে সমৰ্থন কৰি আছিল। আমি এই কথাও ৰাজনাথ সিং আৰু প্ৰধানমন্ত্ৰী মোডীৰ পৰা জানিব বিচাৰো যে পাকিস্তানে চীনৰ পৰা কিমান সমৰ্থন পাইছে?"
'পাকিস্তানৰে আমাৰ সংঘাত সভ্যতা আৰু বৰ্বৰতাৰ বিৰুদ্ধে'
গৌৰৱ গগৈৰ ভাষণৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বিতৰ্কত অংশগ্ৰহণ কৰি পেহেলগাম আক্ৰমণ আৰু তাৰ পিছৰ অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত চৰকাৰী পক্ষৰ হৈ বক্তব্য ৰাখে।
ৰাজনাথে কয়- আমি পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে আন এটা উপায় গ্ৰহণ কৰিছো
তেওঁ কয়, "পাকিস্তানৰ সৈতে কোনো সংঘাত নাই। এইয়া সভ্যতা আৰু বৰ্বৰতাৰ সংঘাত। কোনোবাই যদি আমাৰ সাৰ্বভৌমত্বৰ ক্ষতি কৰে তেন্তে তেওঁক উপযুক্ত উত্তৰ দিয়া হ'ব।"
'আমাৰ মৌলিক স্বভাৱ যুদ্ধৰ নহয় বুদ্ধৰ'
তেওঁ কয়, "আমাৰ মৌলিক স্বভাৱ যুদ্ধ নহয়, বুদ্ধৰ। নৰেন্দ্ৰ মোডী চৰকাৰৰ স্থিতি স্পষ্ট- আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে যাব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কৈছে অপাৰেচন সিন্দূৰ বন্ধ হৈছে। কিন্তু শেষ হোৱা নাই। যদি পাকিস্তানে পুনৰ কিবা কৰে তেন্তে আমি আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।"
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু কয়, "পাকিস্তানৰ মনত এটা ভুল ধাৰণা আছিল, আমি অপাৰেচন সিন্দূৰৰ জৰিয়তে সেইটো আঁতৰাই দিলোঁ। যদি কিবা বাকী থাকে তেন্তে সেইটোও আঁতৰাই দিম।"
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, "আমাৰ চৰকাৰেও পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে বহু প্ৰচেষ্টা চলাইছে। কিন্তু পিছত ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক, ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণ আৰু ২০২৫ চনত অপাৰেচন সিন্দূৰৰ জৰিয়তে আমি শান্তি প্ৰতিষ্ঠাৰ বাবে আন এক পথ গ্ৰহণ কৰিছো।"
ৰাজনাথ সিঙে কয় যে, "আমাৰ নীতি ভগৱান ৰাম আৰু ভগৱান কৃষ্ণৰ পৰা অনুপ্ৰাণিত, যিয়ে আমাক সাহস আৰু ধৈৰ্য্য দুয়োটাকে শিকাই। আমাৰ নীতি স্পষ্ট।"
ভি এছ নাইপলৰ উদ্ধৃতি দি ৰাজনাথ সিঙে কয় যে, “তেওঁ সঠিকভাৱে লিখিছে যে পাকিস্তানত থকাটো এক বিপৰীতমুখী বাস্তৱ। পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদ উন্মাদনা নহয় বৰঞ্চ এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ। ই হৈছে পাকিস্তান আৰু ইয়াৰ সংস্থাসমূহে নীতি হিচাপে গ্ৰহণ কৰা এক সঁজুলি।"